Header Ads

প্ৰথম মহাকাশ যাত্ৰী - লাইকা - কল্পজিৎ বৰা


মানুহৰ আশা অপৰিসীম । যিদিনৰ পৰা মানুহে জ্ঞানবৃক্ষৰ গুটি খাই জ্ঞান চৰ্চাত মনোনিবেশ কৰিছে সেইদিনাৰ পৰাই মানুহে জ্ঞান আৰু বুদ্ধিৰ বলত সকলো ক্ষেত্ৰতে নিজকে জীৱ শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিছে । বিজ্ঞানৰ তীব্ৰ অগ্ৰগতিৰ ফলস্বৰূপে  বৰ্তমান মানৱ  সভ্যতাই উন্নতিৰ চৰম সীমা পাইছে। অতীজৰে পৰা মহাকাশৰ অজ্ঞাত ৰহস্যবোৰ বিজ্ঞানী সকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ আছিল। জ্ঞান পিপাসু বিজ্ঞানীসকলে অসনিশে বিভিন্ন পৰীক্ষাৰ দ্বাৰা মহাকাশৰ বহুতো সাথৰৰ অৰ্থ উলিয়াব সক্ষম হৈছে যদিও মহাকাশৰ বহুতো পৰিঘটনাৰ কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই। তাৰ বাবে বিজ্ঞানী সকলে বহুতো কৃতিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰিছে। তাৰ ভিতৰত প্ৰথম মহাকাশ যাত্ৰী লাইকাৰ কাহিনী বিশেষভাৱে উললেখযোগ্য।

  ১৯৫০ চনৰ আগলৈকে মানুহক মহাকাশ অভিযানৰ বাবে পঠিওৱাটো সেই সময়ৰ বিজ্ঞানীসকলৰ বাবে এক প্ৰত্যাহ্বানমূলক কাম আছিল। সেয়েহে সেই সময়ত বিজ্ঞানীসকলে বেলেগ প্ৰজাতিৰ জীৱ যেনে এন্দুৰ, মাখি আদি মহাকাশলৈ প্ৰেৰণ কৰিছিল। ১৯৪১ চনত এলবাৰ্ট -১ নামৰ এটা বান্দৰ মহাকাশলৈ পঠিওৱা হৈছিল যদিও এই সকলোবোৰক সম্পূৰ্ণৰূপে মহাকাশ অভিযান বুলি ধৰিব নোৱাৰি। সেইহে ১৯৫৭ চনত প্ৰেৰণ কৰা স্পুত্নিক -২  ৰ আৰোহী লাইকাক প্ৰথম মহাকাশ যাত্ৰীৰ সন্মান দিয়া হয়।

    লাইকা আছিল ৰাছিয়াৰ মস্কোৰ ৰাস্তাত বিচৰণ কৰি ফুৰা এজনী  ৩ বছৰীয়া কুকুৰ। ৪ অক্টোবৰ ১৯৫৭ চনত ছোভিয়েট ৰাছিয়াই পৃথিৱীৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ স্পুটনিক -১ মহাকাশলৈ প্ৰৰণ কৰে। কিন্তু স্পুতনিক -১ ত কোনো জীৱিত প্ৰাণী নথকাৰ বাবে ৰাছিয়াৰ বিজ্ঞানীসকলে এটা জীৱিত প্ৰাণী মহাকাশলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰে। তাৰ ফলস্বৰূপে মাত্ৰ ২৮ দিনৰ ভিতৰত ৰাছিয়াৰ বিজ্ঞানীসকলে স্পুটনিক-২ নামেৰে এখন মহাকাশযানৰ নিৰ্মাণ কৰে যিখন বিশেষকৈ এটা কুকুৰৰ বাবে নিৰ্মাণ কৰা হৈছিল। স্পুটনিক-২ ত আছিল এটা কাৰ্বন ডাই অক্সাইড শোষক, এটা অক্সিজেনৰ উৎস, জন্তুটোক ঠাণ্ডা কৰি ৰাখিবৰ বাবে এখন ফেন, ৭ দিনৰ খাদ্য , প্ৰস্ৰাৱ আৰু পাইখানা সংগ্ৰাহক এটা বেগ। স্পুটনিক-২ ৰ কেবিনটো ইমানেই সৰু আছিল  যে লাইকাই তাত লৰচৰ কৰাও সম্ভৱ নাছিল। ইয়াৰ পাছতেই আৰম্ভ হৈছিল লাইকা ৰ প্ৰশিক্ষণ। স্পুটনিক-২ ৰ সৰু কেবিনটোত খাপ খাবৰ বাবে লাইকাক ২০ দিন ধৰি এটা সৰু পিঞ্জৰাত ভৰাই থোৱা হৈছিল। লাইকাৰ নিশ্চিত মৃত্যুৰ কথা জানি এজন বিজ্ঞানীয়ে মানৱতাৰ খাতিৰত লাইকাক নিজৰ ঘৰলৈ লৈ গৈছিল আৰু জীৱনৰ অন্তিম ক্ষনবোৰত তাইক সকলো সুখ দিবৰ চেষ্টা কৰিছিল। ইয়াৰ পাছত  স্পুটনিক-২ ৰ কেবিনত লাইকাক ৩ দিন ধৰি বান্ধি ৰখা হৈছিল যাতে তাই সেই পৰিবেশত নিজকে খাপ খুৱাই লয়। অৱশেষত ১৯৫৭ চনৰ ৩ নৱেম্বৰ তাৰিখে স্পুটনিক-২ মহাকাশলৈ ৰাওনা হয়।কিন্ত কিছু সময়ৰ পাছতে স্পুটনিক-২ ত কাৰিকৰী বিজুতি ঘটে আৰু কেবিনৰ উষ্ণতা বাহিবলৈ ধৰে। হয়টো ২৮ দিন সময় এখন মহাকাশযান প্ৰস্তুত কৰাৰ বাবে পৰ্যাপ্ত নাছিল। প্ৰচণ্ড উত্তাপৰ সৈতে যুঁজি অৱশেষত লাইকাই হাৰ মানে আৰু প্ৰায় ৫ ঘণ্টাৰ পাছত লাইকাৰ পৰা সংকেত অহা বন্ধ হৈ পৰিছিল । লাইকাৰ মৃত্যুৰ পাছতো স্পুটনিক-২ প্রায় ১৬২ দিন মহাকাশত আছিল আৰু প্ৰায় ২৫৭০ বাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিছিল। ১৯৫৮ চনৰ ১৪ এপ্ৰিল তাৰিখে স্পুটনিক-২ ৰ সৈতে লাইকাৰ মৃত শৰীৰ শূণ্যত বিলীন হৈ যায়। 

   আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সোণালী যুগত যদিও বিজ্ঞানী সকল মহাকাশ জয়ত বহু পৰিমাণে সফল হৈছে তথাপি বিজ্ঞানৰ এই জয়ত লাইকাৰ ভূমিকা নুই কৰিব নোৱাৰি। লাইকা মহাকাশৰ বুকুত মানৱজাতিয়ে প্ৰেৰণ কৰা সেইদাল শিখা আছিল যি ভবিষ্যতে মানৱ জাতিৰ পথ প্ৰদৰ্শন কৰি মানুহক মহাকাশৰ বুকুৰ ৰহস্যবোৰ সমাধানৰ বাবে প্ৰেৰণা দিছিল।


কল্পজিৎ বৰা

No comments

Powered by Blogger.