পৃথিৱীৰ সর্ববৃহৎ আৰু সর্বপ্ৰথম চাহ গৱেষণা প্ৰতিষ্ঠান • টোকোলাই চাহ গৱেষণা কেন্দ্ৰ
যোৰহাটত অৱস্থিত পৃথিৱীৰ সর্বপ্ৰথম তথা সর্ববৃহত্ চাহ গৱেষণাগাৰ । আশীৰ দশকৰ প্ৰথমার্ধ্বত, অর্থাত্ ১৮৮১ চনত কেইগৰাকীমান উদ্যোগী বিদেশী চাহ খেতিয়কৰ প্ৰচেষ্টাত কলিকতাত ভাৰতীয় চাহ সংস্থা (Indian Tea Association, চমুকৈ ITA) নামেৰে এটা প্ৰতিষ্ঠানৰ জন্ম হয় । পৰৱর্তী কালত এই সংস্থাটোৱেই চাহৰ বিষয়ে গৱেষণা চলাবলৈ ১৯০০ চনত ডঃ হেৰল্ড এইচ মান নামৰ এজন কৃষি বিজ্ঞানীৰ তত্ত্বাৱধানত এটা চাহ গৱেষণা বিভাগৰ জন্ম দিয়ে । আৰম্ভণিতে কলিকতাৰ ভাৰতীয় সংগ্ৰহালয়ৰ ৰাসয়ন বিভাগৰ পৰীক্ষাগাৰত ডঃ মানে চাহ সম্পর্কীয় গৱেষণা আৰম্ভ কৰিছিল; পাছত, ১৯০৪ চনত কাছাৰৰ কান্নিকুৰিত এটা সৰু কীট বিজ্ঞান (Entomology) পৰীক্ষাগাৰ আৰু ১৯০৫ চনত অসমৰ মৰিয়নিৰ ওচৰৰ শিলিখা চাহ বাগিচাত এটা ক্ষেত্ৰ পৰীক্ষা কেন্দ্ৰ মুকলি কৰা হয় । এই শাখা কেইটাৰ কাম-কাজ কেন্দ্ৰীভূত কৰাৰ উদ্দেশ্যে ভাৰতীয় চাহ সংস্থাই ১৯১১ চনত যোৰহাট নগৰৰ পৰা পাঁচ কিলোমিটাৰ দক্ষিণে টোকোলাই নদীৰ পশ্চিমত যোৰহাট-মৰিয়নি পথৰ নিচেই কাষতে টোকোলাই গৱেষণা কেন্দ্ৰ (Tocklai Experimental Station) নামেৰে পৃথিৱীৰ সর্বপ্ৰথম চাহ গৱেষণাগাৰটো স্থাপন কৰে আৰু কালক্ৰমত এই কেন্দ্ৰটোৱেই 'টোকোলাই' নামেৰে জনাজাত হৈ পৃথিৱীৰ সর্ববৃহত্ চাহ গৱেষণাগাৰ হৈ উঠে ।
পৃথিৱীৰ সর্ববৃহত্ আৰু সর্বপ্ৰথম চাহ গৱেষণা প্ৰতিষ্ঠান টোকোলাই গৱেষণা কেন্দ্ৰ স্থাপনৰ গুৰিত থকা মহান উদ্দেশ্যটো আছিলঃ "আধুনিক গৱেষণাৰ দ্বাৰা অধিক আৰু উচ্চমানবিশিষ্ট চাহ উত্পাদনৰ প্ৰণালী উদ্ভাৱন কৰি চাহ বাগিচাবোৰত সেইবোৰ প্ৰচলন কৰা ।"
চাহৰ উত্পাদন বৃদ্ধি সম্পর্কীয় গৱেষণাত এই গৱেষণাগাৰৰ বিশেষ অৰিহণা আছে । তদুপৰি এই কেন্দ্ৰৰে গৱেষণাৰ ফলস্বৰুপে 'ক্লন' (Clone) পদ্ধতিৰে চাহ ৰুই সোনকালে আৰু অধিক উত্পাদনক্ষম চাহ গছ পোৱা সম্ভৱ হৈছে । চাহ বাগিচাৰ কলঘৰসমূহত প্ৰস্তুত কৰা 'চি টি চি' (CTC) নামৰ আধুনিক চাহবিধো এই গৱেষণা কেন্দ্ৰই উন্নত কৰি পৃথিৱীত জনপ্ৰিয় কৰি তোলে ।
মন্তব্য কৰক