প্ৰতিবছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো চন্দ্ৰশেখৰ ভেংকটৰমনৰ সোঁৱৰণত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। চন্দ্ৰশেখৰ ভেংকটৰমন আছিল এগৰাকী ভাৰতীয় যুৱবিজ্ঞানী। তেওঁৰ জীৱনৰ উদ্দেশ্য আছিল এগৰাকী বিজ্ঞানী হোৱা আৰু বিজ্ঞান চৰ্চাত জীৱন অতিবাহিত কৰা। ১৯২১ চনত ভেংকটৰমনে কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি হিচাপে অক্সফোৰ্ড অনুষ্ঠিত বিদ্যালয় কংগ্ৰেছত যোগদান কৰিছিল। তাত তেওঁ বিভিন্ন বিজ্ঞানীৰ লগত পদাৰ্থ বিজ্ঞানৰ জটিল বিষয়বোৰ মুকলিকৈ আলোচনা কৰিবলৈ সুবিধা পাইছিল। ৰমনে ভূমধ্য সাগৰেৰে ঘৰমুৱা হওঁতে সাগৰৰ দিগন্তত নীলা জলৰাশি দেখি সাগৰৰ জলৰাশি কিয় নীলা হয় সেই বিষয়ে তথ্য উদ্ঘাটন কৰে। তেওঁৰ গৱেষণাৰ ফলস্বৰূপে তৰঙ্গ তত্ত্ব, বিকিৰণ ধৰ্ম আৰু তাপ গতি বিষয়ক গৱেষণাৰ পথ মুকলি হৈছিল।সুদীৰ্ঘ বাৰ বছৰ গৱেষণাৰ অন্তত তেওঁৰ ১৮০০ৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে ভেংকটৰমনে কৃ এছ কৃষ্ণণৰ সৈতে লগলাগি এক পৰিঘটনা আবিষ্কাৰৰ কথা ঘোষণা কৰিছিল। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীৰ দিনা ভেংকটৰমনৰ পোহৰৰ বিকিৰণৰ ওপৰত গৱেষণা কৰি তেওঁৰ গ্ৰন্থ প্ৰকাশ কৰিছিল। ৰমনৰ এই মহান অৱদানৰ বাবে আৰু তথ্য সমূহৰ মৌলিকতা, বাস্তৱ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ, তথ্য সমূহৰ সুদূৰপ্ৰসাৰী প্রভাৱৰ বাবে তেওঁক শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয়। এই পৰিঘটনাই পিছলৈ ৰমন পৰিঘটনা হিচাপে পৰিচিত হৈ পৰে। ৰমন পৰিঘটনা আবিষ্কাৰৰ এই দিনটোক অৰ্থাৎ ২৮ ফেব্ৰুৱাৰীৰ দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে ঘোষণা কৰা হয়। তেতিয়াৰ পৰাই প্ৰতিবছৰে ২৮ ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়।
মন্তব্য কৰক