দ্য গডফাডাৰ: সৰ্বকালৰ এখন অন্যতম শ্ৰেষ্ঠ ছবি : পাৰ্ট ২ ☠ দেৱ প্ৰতীম হাজৰিকা (ক্ৰমশঃ)
...সত্তৰৰ দশকৰ ছবি উদ্যোগত ‘ছিকুৱেল’, অৰ্থাৎ ‘ছিৰিজ’ ধৰ্মী ছবি বিলাক লাহে লাহে নিৰ্মাণ হ’ব ধৰিছিল। ‘প্লেনেট অৱ দ্য এপছ’-ৰ জড়িয়তে ‘২০থ চেঞ্চুৰী ফক্স’এ এই ছিৰিজ ধৰ্মী ছবি ছবিজগতত জনপ্ৰিয় কৰি তোলাত অৰিহণা যোগাইছিল, যদিও এই ছিৰিজৰ আটাইকেইখন ছবি বহুতো দিশৰ পৰা দুৰ্বল আছিল।
‘দ্য গডফাডাৰ’ৰ অভূতপূৰ্ব সফলতাৰ পাছত ‘পেৰামাউন্ট পিকছাৰছ’এ ফ্ৰান্সিছ ফৰ্ড কপলাৰ কাষ চাপে এইখন ছবিৰে এখন ‘ছিকুৱেল’ নিৰ্মাণৰ উদ্দেশ্য। প্ৰথম অৱস্থাত কপলাই থেৰোগেৰো কৰিছিল যদিও যেতিয়া পেৰামাউন্টে ছবিখন নিৰ্মাণৰ ক্ষেত্ৰত তেওঁক সম্পূৰ্ণ স্বাধীনতা দিয়া আৰু মাননি হিচাপে বুজন পৰিমাণৰ ধনৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পাছত কপলাই পেৰামাউন্টৰ সৈতে ছবি খন নিৰ্মাণৰ কাম কৰিবলৈ মান্তি হ’ল। আৰু সেই মতেই মুক্তি পাইছিল ১৯৭৪ চনত ‘দ্য গডফাডাৰ, পাৰ্ট ২’-য়ে।
সেই মৰ্মে কপলাই মাৰিঅ’ পুজ’ৰ লগ লাগি ‘দ্য গডফাডাৰ’ উপন্যাস খনৰ পৰা দ্বিতীয় খণ্ড খনৰ বাবে এটা চিত্ৰনাট্য লিখি উলিয়ালে। চিত্ৰনাট্যৰ মতে তেওঁলোকে চৰিত্ৰ নিৰ্বাচনৰ কাম আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত মাৰল’ন ব্ৰেণ্ডোৱে ছবিখনত অলপ সময়ৰ বাবে ভুমুকি মৰাৰ সিদ্ধান্ত হৈছিল পাছলৈ ব্ৰেণ্ডোৱে ছবিখনত অভিনয় নকৰাৰ সিদ্ধান্ত লৈছিল। সেইদৰে প্ৰথম খণ্ডৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ ক্লেমেঞ্জা হিচাপে অভিনয় কৰা ৰিচাৰ্ড কাষ্টেলানোৱে ক্লেমেঞ্জা হিচাপে যথেষ্ঠ পৰিমাণৰ ধন দাবী কৰাত সেই চৰিত্ৰকেই ছবিখনৰ পৰা বাদ দিছিল আৰু সেই চৰিত্ৰৰ ঠাইত একে ধৰণৰ এটা নতুন চৰিত্ৰ ফ্ৰেংকী পেন্টাঞ্জালী নামৰ চৰিত্ৰটোৰ সৃষ্টি কৰিছিল; যিটো পাছলৈ ক্লেমেঞ্জাৰ চৰিত্ৰটোতকৈও বেছি জনপ্ৰিয় হৈছিল।
ওপৰত কোৱাৰ দৰে ‘দ্য গডফাডাৰ ২’ ছবিখনক বহুতে প্ৰথম খনতকৈ বেছি সফল বুলি ক’ব খোজে। আগত উল্লেখ কৰিছো ছবিখনত দুটা কাহিনীক একেলগে সমান্তৰলভাৱে আগবঢ়োৱা হৈছে। এটাত মাইকেল কৰলিঅ’নৰ নিজৰ অপৰাধ জগত খনৰ সাম্ৰাজ্য বিস্তাৰৰ কাহিনী দেখুওৱা হৈছে, আনহাতে আনটো কাহিনীত দেখুওৱা হৈছে শিশু কালৰ পৰা ডেকা কাললৈকে ভিট’ কৰলিঅ’নৰ উত্থানক। অতি মশৃণ ভাৱে আগবঢ়োৱা এই দুটা কাহিনীৰ বিৱৰণ অনন্য। সকলো ফালৰে পৰাই শ্ৰেষ্ঠ এইখন ছবি হৈছে সৰ্বকালৰ আন এখন শ্ৰেষ্ঠ ছবি।
কপলাৰ দৃষ্টিভংগীৰে ছবিখনত তেওঁ আমেৰিকাৰ অপৰাধ জগত খনৰ সক্ষমতাৰ এক আভাষ দিবলৈ চেষ্টা কৰিছে। যেতিয়া কিউবাত ছাইমন ৰথে মাইকেলক “Mike, We’re bigger than US Steel” কোৱা কথাষাৰৰ জড়িয়তে যেন বহু কথা ক’ব খোজা হৈছে। মাফিয়া জগত খন লাহে লাহে কেনেদৰে বৃহদাকাৰ ৰূপ লৈ গৈ আছিল সেই কথা বুজা যায় এই কথাষাৰৰ পৰা। সহজ-সৰল ভাৱে জীৱন আৰম্ভ কৰা ইটালীয়ান সকলে আমেৰিকাৰ অপৰাধ জগত খনত ভৰি দি অতি কম সময়তে মাফিয়া জগতখনৰ সৰ্বেসৰ্বা হৈ পৰিছিল। অৰ্থনীতি, ৰাজনীতি, ভৌগোলিক আদি সকলো দিশতে তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰিছিল। ঠিক সেইদৰেই দেখুৱাইছিল গডফাডাৰত ইটালীয়ান সকলৰ অপৰাধ জগতৰ উত্থানৰ কথা। ইটালীৰ পৰা জীৱনৰ মায়াত পলাই অহা এটা সৰু ল’ৰাই কেনেদৰে আমেৰিকাৰ মাফিয়া জগত খনত নিজৰ খোপনি পুতিলে তাক আনটো কাহিনীত দেখুওৱা হৈছে। আমেৰিকাৰ ইটালীয়ান মাফিয়া জগত খনৰ লগতে দেখুওৱা হৈছে সেই জগত খনৰ লগত জড়িত এজন পিতৃ আৰু পুত্ৰৰ কাহিনী। পিতৃয়ে নিজৰ পৰিয়ালৰ কথা চিন্তা কৰি নিজৰ শক্তি সীমিত ৰাখিছিল, আনহাতে পুত্ৰ আছিল পিতৃৰ বিপৰীত; নিজৰ শক্তিৰ ব্যৱহাৰেৰে পুত্ৰ জন হৈ পৰিছিল মাফিয়া জগত খনৰ একচ্ছত্ৰী সম্ৰাট, এজন নিৰ্দয়ী তথা ভয়ংকৰ মাফিয়া ডন।
ইটালীৰ এখন সৰু চহৰত জন্মা ভিট’ কৰলিঅ’নৰ পিতৃক ১৯০১ চনত সেই সৰু চহৰ খনৰে এজন ডনে হত্যা কৰিছিল, কাৰণ আছিল ভিট’ৰ পিতৃয়ে ডন জনক কৰা এটা অপমান। তেওঁৰ ককায়েকে পিতৃ হত্যাৰ পোটক লোৱাৰ ল’বলৈ যাওঁতে ককায়েককো সেই ডন জনৰ হাতত মৃত্যু হয়। ভিট’ৰ মাতৃ ভীতিগ্ৰস্ত হৈ সেই ডন জনৰ কাষ চাপে ভিট’ৰ জীৱন ভিক্ষা বিচাৰি। কিন্তু ডন জনে ভিট’ৰ মাকৰ কথা কথা মনা নাছিল, নিৰ্দয়ী ডন জনে বিচাৰিছিল ভীট’ক হত্যা কৰিবল। কিন্তু মাকে ভিট’ক পলুৱাই পঠাবলৈ সক্ষম হৈছিল। কিন্তু তাৰ বাবদ ভৰিব লগীয়া হৈছিল নিজৰ জীৱন। সেই চহৰৰে এজন লোকে ভিট’ক লুকুৱাই আমেৰিকা যুক্তৰাষ্ট্ৰ মুখী এখন জাহজত পলুৱাই পঠায়। তেতিয়াই যেন ভিট’ৱে বুজি উঠিছিল এই নিৰ্দয়ী পৃথিৱী খনৰ কথা, আৰু এই পৃথিৱীত জীয়াই থকাৰ বাবে কৰিব লগীয়া সংগ্ৰামৰ কথা। আমেৰিকাৰ এটা ইটালীয়ান চুবুৰীয়াত বাস কৰিবলৈ লোৱা ভিট’ৱে পত্নী আৰু সন্তানৰ পোহপালৰ বাবে এখন বেকাৰী দোকানত কাম কৰিবলৈ ধৰে। কিন্তু এজন ডনৰ অতপালি বাঢ়ি অহাত সেই ডনকা হত্যা কৰি সেই ডনৰ স্থান ল’বলৈ বাধ্য হৈ পৰে ভিট’ কৰলিঅ’ন। লাহে লাহে সেই নামৰ প্ৰকোপ বাঢ়িছিল, সকলোৱে সমীহ কৰিবলৈ ধৰিছিল ভিট’ কৰলিঅ’নক। পিতৃ-মাতৃ তথা ককায়েকৰ হত্যাৰ প্ৰতিষোধ লোৱাৰ হাবিয়াস সৰুৰে পৰা পুহি ৰখা ভিট’ৱে এদিন সেই হাবিয়াস পূৰণ কৰিছিল ইটালীৰ সেই ডনক হত্যা কৰি।
ছবিখনত অতীতৰ এই কাহিনীৰ লগে লগে আগবাঢ়ে বৰ্তমানৰ মাইকেল কৰলিঅ’নৰ জীৱন কাহিনী। প্ৰথম খণ্ডত মাইকেলে এজন এজনকৈ সকলো শত্ৰু নিঃশেষ কৰাৰ পাছত দ্বিতীয় খণ্ডতো আগবাঢ়ে সেই একেই নৃশংস ৰূপেৰে। যুদ্ধ বীৰ ৰূপে ঘৰলৈ উভতি অহা মাইকেলে পৰিস্থিতিৰ আগত দাসত্ব স্বীকাৰ কৰি আগবাঢ়ি গৈছিল পিতৃয়ে দেখুৱাই যোৱা পথতে। যুদ্ধ বীৰৰ পৰা এজন নিৰ্দয়ী ডন হিচাপে বহু তৰপীয় মাইকেলৰ চৰিত্ৰটোৱে ক্ৰমাৎ অতি নিৰ্দয়ী, ভয়ংকৰ তথা ক্ৰুড় হৈ পৰিছিল। নিৰ্দয়ীৰ ৰূপত তেওঁ পিতৃক চেৰ পেলাইছিল। শীতল মস্তিষ্কৰ অধিকাৰী মাইকেলে যেন আগতেই বুজি উঠে শত্ৰু পক্ষৰ হ’বলগীয়া আগন্তক পদক্ষেপ। হাইমেন ৰথৰ পৰিকল্পনা বুজি উঠাৰ পাছত তেওঁ ধৰা পেলাইছিল নিজৰ ককায়েক ফ্ৰেংকীৰ হাইমেন ৰথৰ লগত হাত মিলোৱাৰ কথা, যিটো পৰিকল্পনাত মাইকেলৰ শোৱা কোঠাত চলোৱা হৈছিল ধাৰাসাৰ গুলী বৰ্ষণ। দয়া-মমতা হীন মাইকেলে ক্ষমা কৰিব পৰা নাছিল নিজৰ ককায়েকক; মাকৰ মৃত্যুৰ পাছতেই হত্যা কৰোৱাইছিল ফ্ৰেংকীক, যি ফ্ৰেংকীয়ে নিজৰ ভুল স্বীকাৰ কৰিছিল, যি মাইকেলৰ জেষ্ঠ পুত্ৰ এন্থনীৰ সৈতে অতি ঘনিষ্ঠ হৈ পৰিছিল। মাইকেলৰ বাঢ়ি অহা অপৰাধ জগত খনৰ ওপৰত সদায়ে অসন্তোষ জন্মাই অহা মাইকেলৰ পত্নী কেয়ে নিজৰ হ’ব লগীয়া সন্তানটোৰ গৰ্ভপাত কৰোৱাইছিল, কাৰণ কেয়ে নিবিচাৰিছিল হ’ব লগীয়া সন্তানটোৱে পৃথিৱীলৈ আহি তেনে এখন জগতত ভৰি দিয়ক। এই কথাত ক্ষুন্ন হৈ পৰা মাইকেলে পত্নী কেক বাহিৰ কৰি দিছিল নিজৰ জীৱনৰ পৰা। এসময়ৰ উদাৰ মনৰ, প্ৰেমীক ৰূপী, সহজ সৰল মাইকেলে ক্ৰমাৎ দানৱৰ ৰূপ লৈছিল।
সৰ্বকালৰ এখন সৰ্বশ্ৰেষ্ঠ ছবি হিচাপে ছবিখনক গঢ় দিয়াত নিৰ্দেশক ফ্ৰান্সিছ ফৰ্ড কপলাৰ দৃষ্টিভংগী তথা দূৰদৰ্শী চিন্তা আছিল এক উল্লেখনীয় উপাদান। তেওঁ মাৰিঅ’ পুজ’ৰ উপন্যাস খনৰ পৰা এনে এটা কাহিনী উদ্ধাৰ কৰিছিল যিটো পাছলৈ সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছিল। গডফাডাৰৰ এই সুখন ছবিৰ জড়িয়তে তেওঁ ‘আমেৰিকীয় সপোন’(The American Dream)ক এক অন্য ধৰণে দেখুৱাবলৈ সক্ষম হৈছিল। ইটালীত সকলো হেৰুৱাই আমেৰিকালৈ অহা এজন প্ৰবজনকাৰীয়ে নিজৰ পত্নী আৰু সন্তানক পোহপাল দিবলৈ কেনেদৰে নিজৰ ‘আমেৰিকীয় সপোন’ক গঢ় দিছিল তাক অতি সুন্দৰ ভাৱে সজাই ছবি দুখনৰ মাজেৰে দেখুৱাইছিল কপলাই; যদিও এই সপোন বাস্তবায়ীত কৰিবলৈ হত্যা কৰিব লগা হৈছিল। ঠিক সেইদৰে কপলাই নিজৰ আমেৰিকীয় সপোনক গঢ় দিবলৈ যুঁজিছিল সকলোৰে লগত। নিজৰ কেৰিয়াৰৰ প্ৰায় শেষ পৰ্য্যায়ত উপস্থিত হোৱা মাৰল’ন ব্ৰেণ্ডোক প্ৰধান চৰিত্ৰ হিচাপে নিৰ্বাচন, এজন অখ্যাত অভিনেতা এল পেচিন’ক আন এটা মূখ্য চৰিত্ৰ হিচাপে নিৰ্বাচন আদি আছিল তেওঁৰ এই বহু যুঁজৰ একো একোখন যুঁজ। ঠিক সেইদৰে আন এজন অখ্যাত অভিনেতা ৰবাৰ্ট ডি নেৰোক ডেকা ভিট’ হিচাপে নিৰ্বাচন আছিল আন এক সাহসিক সিদ্ধান্ত। কপলাৰ এই সিদ্ধান্ত সমূহ সঠিক বুলি ছবি দুখনে প্ৰমাণ কৰিছিল। যাৰ ফলতেই তেওঁ অস্কাৰৰ শ্ৰেষ্ঠ নিৰ্দেশক তথা ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছিল।
এতিয়া আহো ছবিখনৰ কেইটামান উল্লেখযোগ্য চৰিত্ৰৰ অভিনয়ৰ দিশলৈ:
মাইকেল কৰলিঅ’ন ৰূপী এল পেছিন’ৱে এই ছবিখনত ছবিজগতৰ সৰ্বকালৰ এক অন্যতম শ্ৰেষ্ঠ চৰিত্ৰৰ ৰূপত দুৰ্দান্ত অভিনয় কৰিছিল। প্ৰথমতেই এজন অখ্যাত অভিনেতাক মাইকেলৰ দৰে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে বাচনি কৰাত কপলা সন্মুখীন হৈছিল প্ৰচুৰ প্ৰত্যাহ্বানৰ। এল পেচিন’ৰ ওপৰত থকা বিশ্বাসৰ উচিত মূল্য দিছিল পেচিন’ৱে। সেই বিশ্বাসকেই সাৰোগত কৰি কপলাই এল পেচিন’ৰ কান্ধত আকৌ অৰ্পণ কৰিলে আন এটা বোজা গডফাডাৰৰ দ্বিতীয় খণ্ডৰ ৰূপত। এইবাৰ মাইকেল আছিল আন বাৰতকৈও দুৰ্দন্ত, ভয়ানক, নিৰ্দয়ী। চকুত নাই মায়া-মমতাৰ ভাৱ। চাৰ্কৰ দৰেই চিকা কৰে এই মাইকেলে। এই জটিল, ডাৰ্ক চৰিত্ৰটোক অতি সুন্দৰভাৱে ৰূপায়ণ কৰিছিল এল পেছিন’ৱে। চৰিত্ৰটোৰ ভিতৰত সোমাই পৰিছিল এল পেচিন’। এটা ছাৱনিত কম্পমান হৈ পৰে চাৰিওপিনৰ পৰিবেশ। সকলোৰে সৈতে হাঁহে, বন্ধুসূলভ ব্যৱহাৰেৰে আপ্যায়ণ কৰে; কিন্তু চকুৱে চলাথ কৰে শত্ৰুক। সিংহৰ দৰেই নিজৰ আসনত বহি ৰয়, চকুত থাকে এক গভীৰতা। অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনয়ন লাভ কৰা এল পেচিন’ৱে এই বঁটা কিয় লাভ কৰা নাছিল সেই কথা আজিও বুজিব নোৱাৰো। ই মোৰ বাবে এতিয়াও সাঁথৰ।
এল পেচিন’ৰ দৰেই সেই সময়ত ৰাবাৰ্ট ডি নেৰ’ এজন অখ্যাত অভিনেতা আছিল। মাৰ্টিন স্কৰছেজীৰ ‘মিন ষ্ট্ৰীট’ৰ জড়িয়তে চৰ্চালৈ অহা ডি নেৰ’লৈ সুযোগ আহে ‘দ্য গডফাডাৰ ২’ত। ভিট’ কৰলিঅ’নৰ ডেকাকালৰ চৰিত্ৰটোৰ বাবে কপলাই নিৰ্বাচিত কৰিলে ৰবাৰ্ট ডি নেৰ’ক। ডি নেৰ’ৰ বাবে এইটো আছিল এক বৃহৎ প্ৰত্যাহ্বান। কাৰণ ইতিমধ্যে মাৰল’ন ব্ৰেণ্ডোৱে সেই চৰিত্ৰটোক এক উচ্চ আসনত প্ৰতিষ্ঠিত কৰিছিল। তাৰোপৰি তেওঁ ছবিখনত ক’ব লাগিব ছিছিলিয়ান ভাষা। তেনে এটা চৰিত্ৰ ৰূপায়ণ কৰাটো আছিল ডি নেৰ’ৰ দৰে এজন যুৱ-অভিনেতাৰ বাবে এক প্ৰত্যাহ্বান। প্ৰথম খণ্ডৰ এটা কপি লৈ তেওঁ ছিছিলি অভিমূখে ৰাওনা হয়, উদ্দেশ্য ছিছিলী সংস্কৃতি তথা ভাষা শিকা। অস্কাৰ বিজয়ী ব্ৰেণ্ডোৰ ভিট’ ৰূপী চৰিত্ৰটোক পুংখানুপুংখভাৱে অধ্যয়ন কৰি তেওঁ আয়ত্ত কৰে ভিট’ৰ চাল চলন, কথা কোৱাৰ ধৰণ তথা ভিট’ৰ কৰ্কষ কন্ঠ। আৰু তাৰ ফলাফল আমাৰ সন্মুখত আছে, তেওঁৰ ডেকা ভিট’ৰ ৰূপত অনবদ্য অভিনয়; যাৰ কাৰণে তেওঁ লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটা।
ফ্ৰেংকীৰ ৰূপত জন কেজেলৰ অভিনয় আছিল প্ৰশংসনীয়। ককায়েক ছনীৰ মৃত্যুৰ পাছত পিতৃৰ অপৰাধ সাম্ৰাজ্য খনৰ প্ৰকৃত উত্তৰাধিকাৰী হৈও কাৰ্যক্ষমহীনতা আৰু দুৰ্বলতাৰ কাৰণে ডন ভিট’ৱে মাইকেলৰ হাতত অৰ্পণ কৰিছিল নিজৰ শাসনভাৰ। সেয়ে হয়তো তেওঁ জন অলাৰ জড়িয়তে হোৱা ৰথৰ ষড়যন্ত্ৰৰ অংশ হৈছিল। অজানিতে কৰা ভুলৰ বাবে ফ্ৰেংকী অনুতাপত ভুগিছিল যদিও মাইকেলৰ বাবে সেইয়া যথেষ্ঠ নাছিল। বিশ্বাসঘাটকতাৰ শাস্তি মৃত্যু আছিল মাইকেলৰ আইন অনুসৰি। কিউবাত যেতিয়া মাইকেলে ফ্ৰেংকীত সাৱটি চুমা খাইছিল তেতিয়া ফ্ৰেংকীয়ে সেই কথা বুজি পাই গৈছিল। ঠিক সেইদৰে টম হেগানৰ ৰূপত ৰবাৰ্ট ডুভালৰ অভিনয়তো ভিন্নত প্ৰকাশ পাইছে। একালত ডন ভিট’ৰ সোঁহাত স্বৰূপ টম হেগানৰ শক্তি মাইকেলৰ দিনত সীমিত হৈ পৰিছিল। আগৰ দৰে সকলো কামতে টম হেগানৰ প্ৰয়োজন নাছিল। কিন্তু টম হেগান আছিল কৰলিঅ’ন পৰিয়ালৰ এজন অন্যতম বিশ্বাসী সদস্য। সেই কথা প্ৰকাশ পাইছিল মাইকেলৰ কথাত, যেতিয়া মাইকেলৰ ওপৰত শোৱা কোঠাত চলিছিল ধাৰাসাৰ গুলীবৰ্ষণ। হাইমেন ৰথৰ ৰূপত অভিনয় কৰিছিল ‘মেথড একটিং’ৰ গুৰুস্বৰূপ লী ষ্ট্ৰেছবাৰ্গে। ইহুদী সম্প্ৰদায়ৰ ৰথ আছিল এজন বয়সীয়াল ব্যক্তি, যি আছিল মাইকেলৰ দৰেই দুধৰ্ষ। চতুৰ ৰথে কৰলিঅ’ন পৰিয়ালৰ এজন দুৰ্বল সদস্য ফ্ৰেংকীকেই ব্যৱহাৰ কৰিছিল মাইকেলৰ বিৰুদ্ধে। সেইদৰেই ব্যৱহাৰ কৰিছিল কৰলিঅ’ন পৰিয়ালৰ এজন বিশ্বাসী লোক ফ্ৰেংকী পেন্টাঞ্জালীক, যি আদালতত মাইকেলৰ বিপক্ষে ঠিয় দিছিল। ফ্ৰেংকী পেন্টাঞ্জালীৰ চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰিছিল মাইকেল ভি. গেজ্জোৱে। ক্লেমেঞ্জাৰ অধীনত কাম কৰা পেন্টাঞ্জালীয়ে ঘৃণা কৰিছিল ৰথক, কাৰণ তেওঁ ভাবিছিল ৰথে হত্যা কৰিছিল ক্লেমেঞ্জাক। মাইকেল আৰু ৰথৰ মাজত হ’বলৈ ধৰা বন্ধুত্বক ভাল চকুৰে চাব পৰা নাছিল পেন্টাঞ্জালীয়ে। ঘৃণা, আক্ৰোষ তথা প্ৰতিষোধৰ অগ্নিত জ্বলা কৰ্কষ কন্ঠী পেন্টাঞ্জালীৰ চৰিত্ৰত অভিনয় কৰা মাইকেল ভি. গেজ্জোৰ লগতে ৰথৰ চৰিত্ৰত অভিনয় কৰা লী ষ্ট্ৰেছবাৰ্গে লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ সহঃ অভিনেতাৰ সন্মান।
ছবিখনক সফল কৰাত মূখ্য ভূমিকা গ্ৰহণ কৰিছিল নিন’ ৰটা আৰু কাৰ্মাইন কপলাৰ আৱহ সংগীত। গডফাডাৰৰ প্ৰথম খণ্ডৰ সংগীতক নতুনকৈ সজাই পৰাই ৰোমান্টিক ৰূপত প্ৰকাশ কৰিছিল দ্বিতীয় খণ্ডত। পুত্ৰ ফ্ৰান্সিছ কপলাৰ ছবিত সংগীত দিয়া কাৰ্মাইন কপলাই নিন’ ৰটাৰ সৈতে লাভ কৰিছিল অস্কাৰৰ শ্ৰেষ্ঠ ড্ৰামাটিক স্ক’ৰৰ বঁটা। ছবিখনৰ চিনেমাট’গ্ৰাফীৰ দায়িত্ব দিয়া হৈছিল প্ৰথম খণ্ডৰ চিনেমাট’গ্ৰাফাৰ গৰ্ডন ৱিলিছ যাক কোৱা হয় ‘প্ৰিন্স অৱ ডাৰ্কনেছ’। ২০ শতিকাৰ আৰম্ভণীৰ ইটালী, প্ৰৱজনকাৰী লোকসকলৰ আমেৰিকালৈ আগমণ, ডেকা কালৰ ভিট’ৰ সময়কাল আৰু বৰ্তমানৰ মাইকেলৰ সময়কালৰ মাজত পাৰ্থক্য দাঙি ধৰাত তেও যথেষ্ঠ পৰিমাণে সফল হৈছিল।
‘আমেৰিকীয় সপোন’ক এক অন্য ৰূপত দাঙি ধৰিলেও প্ৰচুৰ শক্তি তথা একনায়কত্ববাদ যে পতনৰ মূল এইটোহে আছিল এই দ্বিতীয় খণ্ডৰ মূল বিষয়। সেই কথা গডফাডাৰৰ তৃতীয় খণ্ডত সুন্দৰকৈ দেখুওৱা হৈছে, যেতিয়া মাইকেল শেষৰ ফালে অকলশৰীয়া হৈ পৰে। কৰলীয়ন পৰিয়ালৰ মূৰব্বী হিচাপে তেওঁ বহু খিনি হেৰুৱাইছিল, তেওঁৰ হাতত সম্পত্তি বুলিবলৈ মাথো বাকী আছিল পুৰণি দিনৰ স্মৃতি, আপোনজনৰ সৈতে কটোৱা সুন্দৰ মূহুৰ্ত্তবিলাক (যাৰ সৰহ খিনিৰে ইতিমধ্যে মৃত্যু হৈছিল); আৰু তেনেদৰেই অকলশৰীয়াকৈ মৃত্যু হৈছিল একালৰ এজন প্ৰৱল প্ৰতাপী মাইকেল কৰলিঅ’নৰ।
মন্তব্য কৰক