Header Ads

মিচিং জনগোষ্ঠীৰ আলি আয়ে লৃগাং : কৰবী মহন্ত কলিতা


সুজলা, সুফলা আই অসমী জাতি- উপজাতিৰ মিলনভূমি। অসমৰ বুকুলৈ বিভিন্ন সময়ত বিভিন্ন লোকৰ প্ৰবজন ঘটিছে। অসমৰ ভৈয়াম অঞ্চলত বসবাস কৰা এটি কৃষ্টিসমৃদ্ধ জনজাতি মিচিংসকল।যুগ যুগ ধৰি প্ৰবজন ঘটা জাতি- জনগোষ্ঠীসমূহৰ ভাব- ভঙ্গী, আচাৰ- ব্যৱহাৰ, ৰীতি- নীতি, আদান- প্ৰদানৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে বৰ্ণাঢ্য অসমীয়া সংস্কৃতি। কৃষিপ্ৰধান ৰাজ্য অসম। আই অসমী শস্য শ্যামলাও। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সকলো উৎসৱেই কৃষিৰ লগত জড়িত। ইয়াৰ ব্যতিক্ৰম নহয় মিচিং জনগোষ্ঠী।
   
ফাগুনে দিয়ে বসন্তৰ আগজাননী। গছে বনে ন কুহিপাত সলায়। অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে ভিন্ন ৰূপেৰে  বসন্তোৎসৱ পালন কৰে। অসমত সম্ভৱতঃ মিচিংসকলে সৰ্বপ্ৰথম বসন্তক আদৰে। মিচিংসকলৰ মতে বুধবাৰটো লখিমী বাৰ। ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে আলি- আয়ে- লৃগাং  উৎসৱ পালন কৰে। অতীজত মিচিংসকলে আলি - আয়ে-লৃগাং উৎসৱ নিজ নিজ গাওঁৰ সুবিধা অনুযায়ী পালন কৰিছিল। ১৯৫৬ চনৰ পৰা এই উৎসৱ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰিবলৈ স্থিৰ কৰা হয়।
  
মিচিং ভাষাত "আলি" মানে মাটিৰ তলত হোৱা আলু, "আয়ে" মানে শস্যৰ গুটি আৰু লৃগাং মানে সিঁচিবলৈ আৰম্ভ কৰা কাৰ্য্য। আলি আয়ে লৃগাং মানে শস্যৰ বীজ সিঁচা প্ৰথম দিন। এই উৎসৱ পাঁচদিনীয়াকৈ পালন কৰে। 
   
আলি- আয়ে - লৃগাং উৎসৱৰ প্ৰথমদিনাৰ পৰাই আহুধান সিঁচাৰ কাৰ্য্য আৰম্ভ হয়। লৃগাংৰ প্ৰথমদিনা গৃহস্থই কৌপাতেৰে তৈয়াৰ কৰা পাত্ৰত আপং যাচি পূৰ্বপুৰুষ সকলক আৰু ভাগ্যনিয়ন্তা অদৃশ্য দেৱ- দেৱীসকলক প্ৰাৰ্থনা জনায়। মিচিং ডেকা- গাভৰু, বৃদ্ধ- বৃদ্ধা সকলোৱে ঘৰে ঘৰে গৈ পুৰাং, আপং, আলু, কচু আদি খাই বিহু মাৰি আনন্দোল্লাস কৰে। বিহু মাৰোতে তেওঁলোকে ঢোল, তাল আদি ব্যৱহাৰ নকৰে। মুখেৰে ঢোল, তলৰ চেও দি ঐনিতম, কাবান গাই চাঙৰ ওপৰত নৃত্য কৰে। উৎসৱৰ শেষৰদিনা নিশা সমূহীয়া ভোজভাতৰ আয়োজন কৰে। লৃগাংৰ প্ৰথম দিনাৰপৰা ন জন নোলোৱা পৰ্য্যন্ত মিচিং জনগোষ্ঠীৰ লোকসকলে জীৱ- বধ নকৰে, বাঁহ, কাঠ আদি নাকাট, মাটি নাখান্দে, জলা- টেঙা আদিও নাখায়। সেইবাবে উৎসৱৰ বাবে মাছ, মাংস আদি আগতীয়াকৈ যোগাৰ কৰি থয়। পূৰ্বতে ভোজৰ বাবে চিকাৰ কৰা প্ৰথা আছিল, যদিও বৰ্তমান এই প্ৰথা উঠি গৈছে। লৃগাং উৎসৱৰ শেষ নিশা মিচিং ডেকা গাভৰুৱে ঐনিতমৰ সুৰে সুৰে শাৰী পাতি বৃত্তাকাৰে গুমৰাগ- চ- মান নৃত্য কৰে। মিচিং উৎসৱত বিহু নাচিবলৈ মিচিং জনগোষ্ঠীৰ  লোকসকলে জাতীয় পোচাক ৰিবি গাচেং , এগে, মিকু গালুক, গনৰ উগন, য়াম্বু আদি পৰিধান কৰে। 
   
আলি- আয়ে - লৃগাং উৎসৱে শুকান পৃথিৱীলৈ লৈ আনে নৱ বৰষাৰ সম্ভাৰ। আলি - আয়ে - লৃগাং উৎসৱ মিচিং জনগোষ্ঠীৰ লোকসকলৰ বাবে এটি মাথো উৎসৱ নহয়, ই মিচিং জনজীৱনৰ আয়ুশৰেখা। আলি - আয়ে- লৃগাং উৎসৱে অসমৰ বৈচিত্ৰময় সংস্কৃতিক সমৃদ্ধিশালী কৰি ৰাখিছে।


    কৰবী মহন্ত কলিতা

No comments

Powered by Blogger.