নিৰ্বাচনৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতা সম্পৰ্কে মোৰ দৃষ্টিভংগী - অভিজিত গগৈ
অসম ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা পঞ্চায়ত নিৰ্বাচনত ভিন্ন পদৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাৰ দিশত কিছু নীতি-নিয়ম লোৱা দেখা পোৱা গৈছিল । পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ৰাজনৈতিক দলে সেই নীতি-নিয়মসমূহ মানি চলি প্ৰাৰ্থিত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছিল । এই পদক্ষেপক নতুনকৈ শলাগিবলগীয়া একো নাই ।কাৰণ আমাৰ সমাজ ব্যৱস্থাৰ উন্নতি আৰু প্ৰগতিৰ স্বাৰ্থত এনে নীতি নিয়মসমূহ বহু আগতেই ল'ব লাগিছিল বুলি মই ভাৱো । এতিয়া আহো লোকসভা নিৰ্বাচনৰ বিষয়টোলৈ । যিদৰে পঞ্চায়ত নিৰ্বাচনত শিক্ষাগত অৰ্হতাৰ দিশত কিছু পদক্ষেপ লোৱা দেখা গৈছিল ঠিক তেনেদৰে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতো কেন্দ্ৰীয় নিৰ্বাচন আয়োগে তেনে পদক্ষেপ ল'ব লাগে বুলি মই ভাৱো । এজন সাংসদে এটা সমষ্টিৰ ওপৰিও এখন ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰে ,নহয়নে বাৰু? সেই গতিকে তেওঁৰ শিক্ষাগত অৰ্হতাৰ দিশটোত তীক্ষ্ণ দৃষ্টি ৰখাটো অতি প্ৰয়োজনীয়। মোৰ দৃষ্টিত এজন সাংসদৰ শিক্ষাগত অৰ্হতা অতি কমেও স্নাতক ডিগ্ৰী হোৱা উচিত ।
সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই শিক্ষাগত অৰ্হতাসমূহে যথেষ্ট পৰিমাণে প্ৰভাৱ পেলায় । এনে পদক্ষেপ সময়সাপেক্ষে নোলোৱাৰ ফলত গাঁৱৰ তথা চহৰ অঞ্চলৰ সমাজ ব্যৱস্থা এতিয়াও বহু পৰিমাণে পিছপৰি আছে । সেই গতিকে নিৰ্বাচন আয়োগসমূহে কৰণীয়সমূহ সঠিক সময়ত কৰাটো নিতান্তই প্ৰয়োজনীয় । সদৌ শেষত অসমবাসী ৰাইজলৈ মোৰ কাতৰ আহ্বান, সমাজখনক উন্নতিৰ পথত আগুৱাই নিবলৈ হ'লে এই বিষয়সমূহ প্ৰতিজন নাগৰিকে অনুধাৱন কৰি কোনো ৰাজনৈতিক দলৰ কথা চিন্তা নকৰি উচিত প্ৰাৰ্থী নিৰ্বাচিত কৰাৰ প্ৰয়াস কৰক ।
**ক)১৩|০৩|২০১৯ তাৰিখে অসম আদিত্য কাকতখনত প্ৰকাশিত ।
খ)১৬|০৩|২০১৯ তাৰিখে দৈনিক জনমভূমি কাকতখনত প্ৰকাশিত ।**
অভিজিত গগৈ
ডিমৌ, শিৱসাগৰ
যোগাযোগ নম্বৰ - ৭০০২০৭০৩৯৬
মন্তব্য কৰক