প্ৰাপ্তিৰ আকাংক্ষা - বিকাশ হাজৰিকা
সকলোৰে
মাজতে
কেৱল প্ৰতিযোগীতা ...
সকলোৱে
দৌৰিছে
প্ৰাপ্তিৰ আকাংক্ষাত....
আৰু লগতে
মইও....
তেনেতে এবাৰ হঠাতেই অবাক হওঁ
হে ভগবান !
মোৰ পিছত দেখুন কোনোৱেই নাই
ৰাস্তাত গাড়ীয়ে
পিছ পেলাই যোৱাৰ দৰে
সকলোৱে মোক
পিছ পেলাই গ'ল |
কি কৰো বাৰু
এতিয়া মই ?
সেই প্ৰতিযোগীতাই এৰি দিলো মই যাহ্ !
এতিয়া আকৌ নতুন
প্ৰতিযোগীতাত অংশগ্ৰহণ মোৰ
নিজৰ সৈতে,
য'ত মইয়েই অকল প্ৰতিযোগী
বিজেতাও মই,
পৰাজয়ীও মই,
লক্ষ্য কিন্তু একেটাই
প্ৰাপ্তিৰ আকাংক্ষা |
বিকাশ হাজৰিকা
তেজপুৰ
মন্তব্য কৰক