শূণ্যতা - অনুগল্গ - অচিন বন্ধু
তোমাৰ কলেজৰ সন্মুখৰ সোনাৰু গছজোপাৰ তলত সদায় ৰওঁ | কেৱল কলেজৰ সন্মুখতেই নহয়, ঘৰৰ সন্মূখত, পাৰ্কখনত, তুমি য'তেই যোৱা তাতেই ৰওঁ | নামাতা তুমি, বেয়া লাগে মোৰ | ওচৰেৰে পাৰ হৈ যোৱা তুমি, তথাপি মোৰ ফালে নোচোৱা... | কি এনে ভূল হ'ল মোৰ | তোমাৰ লগত কথা পাতিবলৈ বৰ মন গৈছে... তোমাৰ লগত ফুৰিবলৈ, তোমাৰ লগত সময় কটাবলৈ | তোমাৰো মন যায় ছাগে... মাজে মাজে দেখো নহয় তোমাক পাৰ্কৰ সোঁফালে চুকত থকা বেঞ্চখনত বঢ়ি চকুলো টুকা | মোৰো মন যায় তোমাক বুকুৰ মাজত সাৱটি ধৰিবলৈ, নোৱাৰো যে মই | মোৰ এতিয়া খং নাই তোমাৰ ওপৰত, অকণমানো নাই | পাৰা হৈ উভতিলোহেতেন | তোমাৰ অভিমানো কম জানো | আঁতৰি আহিলো মই এতিয়া দুখ কৰি লাভ নাই | এতিয়া তুমি মোৰ ওপৰত খং কৰিলেও মই বুজাব নাযাওঁ, তুমি কান্দিলেও মই চকুলো মচিব নাযাওঁ, নোৱাৰো | পাহৰি যোৱা তোমাৰ জীৱনৰ এইটো অধ্যায়, মোক | কাষত তোমাৰ আছো, তথাপি দূৰত | এতিয়া মোৰ অস্তিত্বই নাই... মোৰ নামৰ এতিয়া মাত্ৰ ফ'টোখন আছে আৰু তাত এডাল ফুলৰ মালা... লগতে থাকিম তোমাৰ সদায়, ভাল পায় যাম... ৰৈ থাকিম কলেজৰ সমুখৰ সোনাৰুজোপাৰ তলত |
অচিন বন্ধু
মন্তব্য কৰক