Header Ads

ইন্টাৰষ্টেলাৰ আৰু বিজ্ঞান - দেৱপ্ৰতীম হাজৰিকা



 ৭ নৱেম্বৰ, ২০১৪ তাৰিখে ছবিঘৰলৈ আহিছিল ক্ৰিষ্টফাৰ ন’লানৰ কল্পবিজ্ঞানভিত্তিক কথাছবি ‘ইন্টাৰষ্টেলাৰ’। ন’লানৰ কথাছবি বুলিলেই এক প্ৰকাৰে মনটো ভাল লাগি আহে। কাৰণ তেওঁৰ কথাছবিৰ বিষয়বস্তু। চোৱাৰ পাছত বহুদেৰিলৈ ছবিখনৰ ‘হেংগঅভাৰ’ত থকাটো খাটাং। ‘ইনছেপছন’, ‘মেমেন্ট’’, ‘প্ৰেষ্টিজ’ আদি ছবিৰ কথা ভাবিলে সেই কথা ভালদৰেই বুজা যায়।

কিন্তু ইন্টাৰষ্টলাৰে যেন অলপ বেলেগ আছিল। প্ৰায় তিনিঘ্ন্টাৰ এই ছবিখন চাই অহাৰ পাছত বহুতেই কিজানি ভাবিছিল আকৌ এবাৰ চাব লাগিব, যিটো মইও ভাবিছিলো। কাৰণ আছিল ছবিখনৰ কঠিন বিষয়বস্তু। কোৱান্টাম বলবিদ্যা (Quantum Mechanics), নিউটনৰ (কলনগণিতীয়) বলবিজ্ঞান (Mechanics), আইনষ্টাইনৰ ‘আপেক্ষিকতাবাদৰ তত্ব’ (Theory of Relativity) আদি অনেক কঠিন বিষয়বস্তুৰে ছবিখন আৱৰি ধৰিছিল। এবাৰ চাই বুজি পোৱাটো এক প্ৰকাৰে কঠিন আছিল। ৭৫% বুজি পাইছিলো ছবিখন চাই, কিন্তু বুজিবলৈ বাকী আছিল ২৫%। গতিকে সহায় ল’লো ইন্টাৰনেটৰ। ইউটিউব ভিডিঅ’ চালো, বহুতো লেখা পঢ়িলো। আৰু তাৰ ফলস্বৰূপেই কিবা অলপ বুজি পালো। তাৰেই আলমত তলৰ কথাখিনি আগবঢ়ালো৷


এটা ‘ৱৰ্মহল’ৰ মাজেদি কুপাৰে(মেথিউ মেককাহানি) আৰম্ভ কৰিছিল এক যাত্ৰা এক নতুন পৃথিৱীৰ সন্ধানত। ‘ৱৰ্মহল’ এটা সুৰংগৰ দৰে, যি আছিল দুখন জগতৰ মাজৰ এটা চুটি পথ(চৰ্ট কাট)। এই পথা এক অৰ্থত হাইপথেটিকেল বা কাল্পনিক। ইয়াক ‘আইনষ্টেইন-ৰ’জেন ব্ৰীজ’ বুলিও কোৱা হয়। এই পথত তেওঁলোক মুখামুখি হয় বিজ্ঞানৰ নানা চমকৰ, যিবিলাকৰ বিষয়ে আমি পঢ়িছো, যেনে: থিয়ৰি অৱ ৰিলেটিভিটি, পঞ্চম মাত্ৰা ইত্যাদি। চিনেমাখনত কোৱা হৈছিল পঞ্চম মাত্ৰাৰ লোকৰ কথা মানে ‘being from the 5th Dimension’, বাৰে বাৰে উল্লেখ হৈছিল তেওঁলোকৰ কথা। তেন্তে কি আছিল এই পঞ্চম মাত্ৰা? তলত তাকেই বুজাবলৈ অলপ চেষ্টা কৰা হ’ল।





প্ৰথম মাত্ৰা: এডাল সৰল ৰেখাকেই কোৱা হয় প্ৰথম মাত্ৰা। এটা বিন্দুৰ পৰা আৰম্ভ কৰি আন এটা বিন্দুলৈকে টনা ৰেখাই হৈছে প্ৰথম মাত্ৰা। বুজিবলৈ অতি সহজ এই মাত্ৰাৰ কোনো বস্তুৰ কিন্তু কোনো বাস্তৱতা নাই।



দ্বিতীয় মাত্ৰা: যেতিয়া এডাল ৰেখাৰ লগত প্ৰস্থ যোগ দিয়া হ্য় তেতিয়া ই হৈ পৰে এখন সমতল, যি অন্তৰ্গত দ্বিতীয় মাত্ৰাৰ, যাৰ থাকিব মাথো দীঘ-প্ৰস্থ নাথাকিব কোনো উচ্চতা। অতি বেছি সমান এখন পিঠিক কোৱা হ’ব দ্বিতীয় মাত্ৰা। এনে এখন মাত্ৰাৰো বস্তু বাস্তৱ পৃথিৱীত কল্পনা কৰাটো অতি কঠিন কাম।



তৃতীয় মাত্ৰা: আমি বাস কৰি থকা জগতখন হৈছে তৃতীয় মাত্ৰাৰ অন্তৰ্গত। যেতিয়া এখন সমতলত উচ্চতা যোগ দিয়া হয় তেতিয়া ই হৈ পৰে তৃতীয় মাত্ৰাৰ। আমি ব্যৱহাৰ কৰি থকা যিকোনো বস্তুৱেই তৃতীয় মাত্ৰাৰ অন্তৰ্গত।



চতুৰ্থ মাত্ৰা: সময় হৈছে চতুৰ্থ মাত্ৰা। বৰ্তমান নিজৰ পৃথিৱীখন ভাৱক, তাৰ পাছত আপুনি ভাৱিব পাৰে দহমিনিট আগৰ কথা নতুবা দহ মাহ বা দহ বছৰৰ আগৰ কথা। সময়ৰ ৰেখাৰে এই সকলোকেইটা মূহুৰ্ত্ত একে লগে জড়িত কৰিব পাৰি। মানে তৃতীয় মাত্ৰাৰ পৃথিৱীখনৰ পৰা আন এটা জাঁপ মাৰিলেই চতুৰ্থ মাত্ৰাৰ এখন নতুন পৃথিৱীত আপুনি উপস্থিত।





এডাল সৰল ৰেখাক যদি আপুনি বেলেগ এটা কোণৰ পৰা ভালদৰে বুজিবলৈ চেষ্টা কৰে তেন্তে আপুনি দেখা পাব এখন সমতল। অৰ্থাৎ অলপ সময় আগলৈকে যি বহুতো বিন্দুৰ সমষ্টি আছিল সেইয়া এতিয়া আপোনাৰ সন্মুখন এখন সমতল। ঠিক তেনেকৈয়ে এখন সমতলক ভাল দৰে লক্ষ কৰক। এখন সমতল হৈছে এটা বস্তু বা যিকোনো জীৱিত বস্তুৰ এটা পিঠি যাৰ উচ্চতা বা গভীৰতা নাই। এই পিঠিখনৰ ইপাৰে যদি আমি চাবলৈ যত্ন কৰো তেন্তে আমি উপস্থিত হ’ম তৃতীয় মাত্ৰাত।



ঠিক তেনেদৰেই যদি চতুৰ্থ মাত্ৰাতো উপস্থিত হ’বলৈ চেষ্টা কৰিব পাৰো। যিদৰে এডাল সৰল ৰেখা হৈছে এখন সমতলৰ এটা পিঠি, এখন সমতল হৈছে এটা বস্তুৰ অৰ্থাৎ তৃতীয় মাত্ৰাৰ বস্তু এটাৰ পিঠি ঠিক সেইদৰে তৃতীয় মাত্ৰাৰো যিকোনো বস্তু সময় ৰেখাডালৰ এখন পিঠি। ধৰি লওঁক আপোনাক এই সময়ৰ ৰেখাডালৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছে, তেতিয়া আপুনি আপোনাৰ সময়ৰ ৰেখাডালৰ ওপৰত ভিত্তি কৰি আপোনাৰ অতীত-বৰ্তমান-ভৱিষ্যত সকলো একেলগে চাবলৈ সক্ষম হ’ব।



পঞ্চম মাত্ৰা: 'ইন্টাৰষ্টেলাৰ’ কথাছবিখনত আমি শেষৰ ফালে দেখা পাওঁ কুপাৰ এখন অদ্ভুৎ জগতত উপস্থিত হৈছে, য’ৰপৰা তেওঁ নিজৰ জীৱনৰ লগত জড়িত সকলো ঘটনা একেলগে চাবলৈ সক্ষম হৈছে। সেইখন পৃথিৱীৰ পৰা কুপাৰে জীয়েক মাৰ্ফীক বাইনেৰী ক’ড দিবলৈ চেষ্টা কৰিছে, কথা পাতিবলৈ চেষ্টা কৰিছে। ওপৰৰ চতুৰ্থ মাত্ৰাৰ আলোচনাত কৈছিলো যদি আপোনাক সময়ৰ ৰেখাডালৰ পৰা বাহিৰলৈ উলিয়াই লৈ অনা হয় তেন্তে কি হ’ব। এই জগতখনেই হৈছে পঞ্চম মাত্ৰা, য’ৰ পৰা আপুনি আপোনাৰ সময়ৰ ৰেখাডাল নিৰীক্ষণ কৰিব পাৰে। এনেকুৱা এখন জগত য’ৰ পৰা আপুনি আপোনাৰ জন্মৰ পাছৰ সকলোবোৰ ঘ্টনা একেলগে চাবলৈ সক্ষম। সময়ৰ ৰেখা যি আপোনাৰ সকলোবোৰ মূহুৰ্ত্তৰ সমষ্টি।



তেন্তে ইয়াৰ ওপৰতো আন মাত্ৰাৰ কথা কল্পনা কৰিব পাৰি নেকি? পঞ্চম মাত্ৰাৰ ওপৰতো আন অদ্ভুৎ মাত্ৰাৰ এনে কিছুমান কাল্পনিক কথা বাস্তৱ জগতত নহ’লেও ছবিৰ পৰ্দাত দেখিবলৈ নিশ্চয় আশা কৰিম। সেয়েহে ‘ইন্টাৰষ্টেলাৰ’ৰ ছিকুৱেল এখনৰ পৰা কল্পবিজ্ঞানৰ নানা ধৰণৰ চমক আকৌ চাবলৈ পাম ক্ৰিষ্টফাৰ ন’লানৰ পৰা আশা কৰিলোঁ।


✍দেৱপ্ৰতীম হাজৰিকা
বিহপুৰীয়া

No comments

Powered by Blogger.