আহিনৰ অনুভৱ - ৰমেন চাংমাই
নৈৰ কাষে কাষে কঁহুৱাৰ মাজে মাজে
মনৰ প্ৰশান্তিৰ নীড় বিচাৰি
ফুৰিছোঁ মই সুগন্ধিৰ সুবাস বিচাৰি
এচাটি মিঠা মলয়াই হৃদয় পেলাই জুৰ
মনৰ প্ৰশান্তিৰ নীড় বিচাৰি
ফুৰিছোঁ মই সুগন্ধিৰ সুবাস বিচাৰি
এচাটি মিঠা মলয়াই হৃদয় পেলাই জুৰ
বৰ্ষা সিক্ত বতৰত ওন্দোলাই অনা
কলীয়া ডাৱৰৰ পৰি সমাপ্তিত
শুকুলা ডাৱৰৰ মিচিকিয়া হাঁহি
ফৰকাল বতৰত ডাৱৰৰ লুকাভাকু
কলীয়া ডাৱৰৰ পৰি সমাপ্তিত
শুকুলা ডাৱৰৰ মিচিকিয়া হাঁহি
ফৰকাল বতৰত ডাৱৰৰ লুকাভাকু
আহিনৰ পদূলিত সাৰদী ৰাণীৰ আগমন
শুভ্ৰতাৰ সতেজ ৰং সানি
কঁহুৱাৰ হালি জালি নাচোন
শান্তিৰ কপৌ যুৰিয়ে দুপাখি মেলি
জোনাক নিশাৰ পোহৰ বিলায়
শুভ্ৰতাৰ সতেজ ৰং সানি
কঁহুৱাৰ হালি জালি নাচোন
শান্তিৰ কপৌ যুৰিয়ে দুপাখি মেলি
জোনাক নিশাৰ পোহৰ বিলায়
তল সৰা শেৱালিৰ সুগন্ধিত
বিয়পি পৰে দুবৰিৰ মুকুতাৰ মালা
আচ্ছাদিত কুঁৱলীৰ হিম শীতল পৰশত
নিয়ৰৰ মুকুতা সদৃশ টোপাল
বিয়পি পৰে দুবৰিৰ মুকুতাৰ মালা
আচ্ছাদিত কুঁৱলীৰ হিম শীতল পৰশত
নিয়ৰৰ মুকুতা সদৃশ টোপাল
প্ৰভাতী কিৰণে মনলৈ প্ৰসন্নতা আনে
দুবৰিৰ দলিচাৰ নিয়ৰৰ মুকুতাই
হৃদয়ত যিমানে সাঁচ বহুৱায়
মৰমৰ গভীৰতা সিমানে বঢ়ায়
দুবৰিৰ দলিচাৰ নিয়ৰৰ মুকুতাই
হৃদয়ত যিমানে সাঁচ বহুৱায়
মৰমৰ গভীৰতা সিমানে বঢ়ায়
আহিন মাহত শৰতৰ আগমন
শুকুলা মেঘৰ পিঠিত উঠি
সুকোমল সুঘ্ৰাণত অনুভৱ হয়
এয়াই যেন আহিন আহিন গোন্ধ ৷
শুকুলা মেঘৰ পিঠিত উঠি
সুকোমল সুঘ্ৰাণত অনুভৱ হয়
এয়াই যেন আহিন আহিন গোন্ধ ৷
✍ৰমেন চাংমাই ( চাচনী )
ভ্ৰাম্যভাষ : ৮৬৩৮১৭৭৭২৬
মন্তব্য কৰক