মানৱতাৰ সন্ধান - অপ্ৰিম কুমাৰ বৰা
ব্ৰহ্মপুত্ৰই কয় আজি তাহানিৰে কথা
বুকুত জোৰোৱা নানা সুপ্ত বেথা ।
কত যে ডেকাই কৰিল ৰাঙলী
তোমাৰে শ্ৰোতস্বীণীক ।
ভেদিব খোজিও তুমি আজি ব্যৰ্থ ।
লুইতৰে পাৰে পাৰে
উপনদীৰ তিৰে তিৰে
বৈছে তেজৰে সোঁত।
তেজাল ডেকাৰ ৰাঙলী দেহে
দোহাৰিছে স্খলন মানৱতাৰ ।
মানৱতা, মানৱতা
মানৱতা আজি আছে বা ক'ত ।
আছে ক্ষমতা লুভিৰে দেশ
ভদ্ৰ মুখাৰে বেশ ।
ক্লান্ত বতাহে উৰুৱাইছে দূৰ্নীতিৰে ধ্বজ্জা ।
পাহাৰে আজি চিঞৰিছে, ভৈয়ামে আজি কান্দিছে ।
লাগে মাথোঁ মানৱতা,মানৱতা,মানৱতা পুণৰাই ।
তুমি হোৱা এটি আশা যুগান্তৰৰ ।
তুমি হোৱা এটি আশা নতুনত্বৰ ।
তুমি তুমি তুমি মাথোঁ সম্ভাৱনাৰ আকৰ ।
বুকুত জোৰোৱা নানা সুপ্ত বেথা ।
কত যে ডেকাই কৰিল ৰাঙলী
তোমাৰে শ্ৰোতস্বীণীক ।
ভেদিব খোজিও তুমি আজি ব্যৰ্থ ।
লুইতৰে পাৰে পাৰে
উপনদীৰ তিৰে তিৰে
বৈছে তেজৰে সোঁত।
তেজাল ডেকাৰ ৰাঙলী দেহে
দোহাৰিছে স্খলন মানৱতাৰ ।
মানৱতা, মানৱতা
মানৱতা আজি আছে বা ক'ত ।
আছে ক্ষমতা লুভিৰে দেশ
ভদ্ৰ মুখাৰে বেশ ।
ক্লান্ত বতাহে উৰুৱাইছে দূৰ্নীতিৰে ধ্বজ্জা ।
পাহাৰে আজি চিঞৰিছে, ভৈয়ামে আজি কান্দিছে ।
লাগে মাথোঁ মানৱতা,মানৱতা,মানৱতা পুণৰাই ।
তুমি হোৱা এটি আশা যুগান্তৰৰ ।
তুমি হোৱা এটি আশা নতুনত্বৰ ।
তুমি তুমি তুমি মাথোঁ সম্ভাৱনাৰ আকৰ ।
✍অপ্ৰিম কুমাৰ বৰা
গোলাঘাট
মন্তব্য কৰক