কাপুৰুষ?? - ৰাজ
আৰম্ভণি
(প্ৰথম খণ্ড)
ঘোপমৰা আন্ধাৰ বাহিৰত | বিজুলীৰ পোহৰত কোঠাটো মাজে মাজে জিলিকি উঠিছে | বাহিৰৰ পৰা আহা চেঁচা বতাহজাক ভঙা খিৰিকিখনেৰে সোমাই আহিল | পাতল কম্বলখন সি গাত মেৰিয়াই ল'লে | ভাইব্ৰেট হোৱা ম'বাইলটো আওকাণ কৰি টোপনি যাবলৈ অপ্ৰাণ চেষ্টা কৰিলে সি | সিও জানে ইমান ৰাতিখন কাৰ মেচেজ আহিব পাৰে | শুব পাৰা নাই | তেনেতে মালিকৰ ঘৰৰ কুকুৰটোৰ ভূকভূকনি কাণত পৰিল | সম্ভৱ এতিয়া উভতিছেহে তেওঁ | দিনটোৰ ভাগৰখিনি শেষ হোৱাই নাই | হাফ দেৰ লাভ একোডাল নহ'ল তাৰ | কালিলৈ ৰবিবাৰ, তথাপি সোনকালে উঠিব লাগিব | অনুৰাগ আহিব কালিলৈ | অনুৰাগ তাৰ দৰেই, মাজে মাজে তাক লগ কৰিব আহে | তাক বুজে | বহু দিনৰ পিছত তাৰ দৰে কাৰোবাক লগ পাই সি যথেষ্ঠ সুখী | কথাবোৰ ভাবি ভাবি কেতিয়ানো টোপনি আহিল ক'বই নোৱাৰিলে | বৰষুণ আহিব ধৰিছে, বিজুলীৰ প্ৰকোপো বেছি হৈ আহিছে, ম'বাইলটো এতিয়াও ভাইব্ৰেট হৈ আছে |
ৰবিবাৰ আজি | পুৱাৰ কোমল ৰ'দচাটিয়ে ৰুমটো পোহৰাই তুলিলে | টোপনিত লালকাল হৈ পৰি থকা সমীৰক টোপনি পৰা উঠাবলৈ তাৰ ম'বাইলত এলাৰ্মটো বাজি উঠিল | শীতৰ পুৱাৰ আমেজ, এলাৰ্মটো বন্ধ কৰি আকৌ কম্বলখন মেৰিয়াই ল'লে | সৰু তাৰ কোঠাটোত বস্তু বুলিবলৈ একোৱেই নাই | খিৰিকিখনৰ বিপৰীত দিশত এটা আলমিৰা আছে, কোন যুগৰ ক'ব নোৱাৰি | দুৱাৰখনৰ কাষত টেবুল এখন আছে, তাৰে কাষত এডাল আলনা; আৰু এটা চুকট পৰি আছে টিনৰ সৰু বাকচ এটা, দেখিলে এনে লাগে যেন বহু দিন হ'ল কোনেও চুৱা নাই | অপৰিপাটি ৰুমটোত বিচনাখন বাদ দি সকলোখিনিয়েই ধূলিৰ লগত মিতিৰালি কৰিছে | য'ত ত'ত পৰি আছে কাপোৰবোৰ আলনাডালত, ৰুমত থকা ডাষ্টবিনটোৰ বাহিৰতহে পৰি আছে খালি পেকেটবোৰ |
৮:00 বজাৰ সংকেট দিলে ঘড়ীটোৱে | সি এতিয়াও লালকাল টোপনিত | এনেতে তাৰ ফ'নটো বাজি উঠিল | স্ক্ৰীনট নামটো চাই সি বুঢ়া আঙুলিটো ৰঙা চিনটোৰ বাবে ঠেলি দিলে | এঙামুৰি মাৰি সি বিচনাত বহি ৰ'ল | ম'বাইলৰ এইমাত্ৰ নোমাই যোৱা স্ক্ৰীনখনত নিজৰ চেহেৰাটো কিছু সময় চাই ৰ'ল | দাড়িৰে আৱৰা দীঘল চুলিৰে চেহেৰাটো চিনিব নোৱাৰা হৈ পৰিছে | অনুৰাগ আহিব আজি | ৰুমটোত এবাৰ চকু ফুৰালে সি | ৰ'দৰ পোহৰত ধূলিবোৰ জিলিকি উঠিছে | চাফা বুলিবলৈ তাৰ বিচনাখন আৰু আলমিৰাটোৰ ওপৰত ওলমাই ৰাখা ফ'টোখন | চাই ৰ'ল সি ফ'টোখনৰ ফালে, অতীতৰ কিছুমান কথাই বুকুত খুন্দিয়াব ধৰিলে | কি মধুৰ সময় আছিল তেতিয়া | তাৰ কান্ধত কান্ধ মিলাই মনমোহা হাঁহিৰে বাওঁফালে ৰৈ আছে নীল; তাৰ বন্ধু সৰুকালৰে | আনফালে ৰস্মি,নাজানে তাই তাৰ কি হয়... বান্ধবী ? কি বিমূৰ | সেইবাৰৰ পিকনিকটোত হয়তো সকলো সঠিক আছিল | আনন্দত মতলীয়া তাঁহাতে ধৰিবই পাৰা নাছিল মনৰ মাজত গোপনে শিপা লোৱা বিষাদবোৰক | কিদৰে সলনি সময়বোৰ | ধুমুহাৰ মাজত বতাহৰ কোবত অকলসৰিয়া তামোল গছডালৰ দৰে তাকো জোকাৰি গৈছে ধুমুহাই | নাই আৰু সি ভাবিব নোৱাৰে | বিচনাৰ পৰা উঠি বাথৰুমৰ ফালে খোজ ললে |
৮:৪৫ হৈছে সময় | অনুৰাগ পাবৰ হৈছে | ততাতয়াকৈ সি ৰুমটো পৰিপাটি কৰাত লাগিল | ইমানবোৰ বিশৃংখল ৰুমটো কিদৰে ঠিক কৰিব | তথাপি অনুৰাগ বহিব পৰাকৈ ঠাইকন উলিয়াই ৰাখিছে | কামবোৰৰ শেষ কৰি চাহকাপত সোহা মাৰিছে মাত্ৰ দুৱাৰত টোকৰ মৰাৰ শব্দত সি চক খাই উঠিল |
টক্ টক্ টক্...
: কোন?
: মই | শইকীয়া - বাহিৰৰ পৰা এটি বয়স্ক কণ্ঠস্বৰ ভাহি আহিল |
:অ' খুড়া | আহিছো | - হাতৰ পৰা চাহকাপ টেবুলখনত থৈ সি উঠি গ'ল |
দুৱাৰখন অলপকৈ মেলি সি সুধিলে -
: কওকচোন !
: ভাড়াটো দিবা নেকি অলপ সোনকালে ? এফালে যোৱাৰ সকাম এটা আছে | - অলপ বিষণ্ণ মনেৰে কৈ উঠিল শইকীয়াই |
শইকীয়া সি থকা ভাড়া ৰুমটোৰ মালিক | আৰু তিনিটা কোঠালিৰে ভাড়া দি অকলসৰিয়া লোকজন কোনোমতে চলি আছে | পত্নী আছে, অসুস্থ | ল'ৰাটোৱে হেনু কিবা চাকৰি কৰে | বিয়া বাৰু কৰাই তাতে থাকে | বছৰত এবাৰ আহে, দুপইচামান হাতত দি গুছি যায় | তেনেকে কেতিয়াও ভাড়াৰ কাৰণে নাহে | আজি সোনকালে বিচাৰিছে যদি কিবা কাৰণ নিশ্চয় আছে |
: হ'ব খুড়া | সন্ধিয়াকৈ আপোনাক দি আহিম | - কথাষাৰ কৈ থাকোতে বাটৰ ফালে চকু পৰিল | অনুৰাগ আহিছে | ঠিক তাৰ দৰেই পোচাক পৰিহিত | ৰস্মিয়ে কোৱাৰ দৰে ক'লা টি চাৰ্ট আৰু ডাঠ নীলা জিন্ চেৰে তাক চিনাকি যেন লাগিছে আৰু |
: ঠিক আছে পাহৰি নাযাবা | - কথাটো কৈয়েই তেখেত খৰখোজেৰে ঘৰৰ ফালে গুছি গ'ল |
দুৱাৰখন মেলি ৰাখিয়েই সি ভিতৰত সোমাই আহি চাহৰ কাপটো হাতত চুলি ল'লে | ঘূৰি চাই দেখিলে চকীখনত বহি পৰা অনুৰাগক |
: ইমান সোনকালে কেনেকে আহ হা তই ? কেতিয়াবা ভয় খাই যাওঁ | - আচৰিত আৰু হাঁহিব চেষ্টা কৰাৰ দৰে কথাষাৰ ক'লে | মুখত স্পষ্টভাৱে ধৰিব পাৰি যে জোৰকৈ হাঁহিবৰ চেষ্টা কৰিছে |
: কি কবি | কথাবোৰ জানাৰ ইচ্ছা বেছি হৈছে | - তাৰ কথাত গহীনতাৰ সুৰ |
অনুৰাগৰ সৈতে চিনাকি বেছি দিনৰ নহয় | নিসংগতাৰ লগৰী সি | পাহাৰৰ টিলাতোতে চিনাকি হোৱা | আগষ্ট মাহৰ শেষৰ ফালে লগ হোৱা দুয়ো | বন্ধুত্ব সময়ৰ লগে লগে গভীৰ হৈ গৈ আছে | মনৰ কথাবোৰ খুলি ক'বলৈ এজন লগৰ পাইছে | পাৰ হৈ যোৱা ধুমুহাবোৰ তাৰ, অনুৰাগে ঠিকেই বুজি পায় | কিন্তু ইমান কথা নকয় অনুৰাগে | শান্ত স্বভাৱৰ হয় সি | নাজানে সমীৰে তাৰ চেহেৰাটো কাৰ লগত মিলে, চিনাকি যেন ভাব হয় |
: কি ভাবি আছ? - চাহকাপত শেষ শোহাটো মাৰা সমীৰলৈ চাই অনুৰাগে কৈ উঠিল |
: নাই ! অতীত, বহুত বেয়া বস্তু জাননে ? - কাপটো টেবুলখনত থৈ সি চিগাৰেটৰ পেকেটতোৰ পৰা এডাল চিগাৰেট উলিয়াই ললে |
: এনেদৰে জঘন্যৰ দৰে থাকি কি পাইছ তই? - তাছিল্যৰ সুৰত অনুৰাগে ক'লে |
খংৰ ভমকত সমীৰ চিয়ৰি উঠিল -
: আৰু কি কৰিব লাগে ক মই ? আনে ভবাৰ দৰে, কোৱাৰ দৰে তইতো ভাবিবি সকলোবোৰ শুনাৰ পিছত যে সকলো দোষ মোৰ আছিল | মই গৈ সকলোকে বুজাম নেকি কি হৈছিল তেতিয়া? সপোনবোৰ মোহাৰি তাৰ লগতে মইও গুছি আহিব লগা হৈছিল মোৰ অসুখীয়া দেউতাক এৰি ? ক'ব নোৱাৰাকৈ ৰৈ যোৱা কথাবোৰ কি চিয়ৰি ক'ব লাগিছিল তাইক ? নে পাৰ্থৰ মাক দেউতাকক, তাইক, মোৰ মা-দেউতাক আৰু গোটেই পৃথিৱীখনক কৈ আহিব লাগিছিল যে মই কাপুৰুষ নহয় ? মই হত্যাকাৰী নহয় !!
- কথাখিনি কৈ সি উচুপি উঠিল | হাতত জ্বলি থকা চিগাৰেটৰ টুকুৰটো দলিয়াই আন এডাল জ্বলাই আকৌ কৈ উঠিল- "ক ! কি কৰো?"
মৌন হৈ ৰ'ল কোঠাটো অলপ সময়ৰ বাবে | মৌনতা ভাঙি অনুৰাগে ক'লে-
: অ' ! কৈ দে সকলোকে | সাহসী হ | তই কাপুৰুষ নহয় | মোক ক কি হৈছিল | আৰম্ভণিৰ পৰা |
: শুনি কি পাবি ? তোৰ জীৱনটো বহুতেই ভালেই | তই নুবুজিবি |
:আৰে, ক না | - অনুৰাগে এনে ভাৱত কৈ উঠিল যেন সি আগতীয়াকৈ কিছু কথা জানেই |
: থিক আছে শুন | মই তেতিয়া স্নাতক...
: ৰ ৰ... আৰম্ভণিৰ পৰা - আধাতে ৰখাই অনুৰাগে লাহেকৈ ক'লে |
এক আপোন পাহৰা ভাৱত সমীৰে কৈ গ'ল ....
" এই সকলোবোৰৰ আৰম্ভণি হৈছিল ১৯৯৪ চনত........."

(অহা সংখ্যাত)
মন্তব্য কৰক