Header Ads

ইন্টাৰষ্টেলাৰ ✲ নলানৰ আন এক মায়া : দেৱপ্ৰতীম হাজৰিকা




পৃথিৱীখন ক্ৰমাৎ নিজৰ অন্তিম পৰ্য্যায়লৈ গতি কৰিছে, ধূলিময় হৈ পৰিছে। ভোকাতুৰ পৃথিৱীবাসী নিজৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে। 

নাছাৰ বিজ্ঞানীয়ে পৃথিৱীৰ ওপৰত আশা এৰি দিছে। তেওঁলোক নামি পৰিছে আন এখন পৃথিৱীৰ সন্ধানত। মানৱ জাতিৰ বাবে তেওঁলোকক দৰকাৰ আন এখন পৃথিৱী য’ত আৰম্ভ কৰিব পাৰিব পৃথিৱীৰ দৰেই এক জীৱন। 

কুপাৰ এজন খেতিয়ক, যি বাস কৰিছিল নিজৰ দুটা সন্তানৰ লগত; যি আছিল অতীতত নাছাৰ এজন মহাকাশচাৰী। ঘটনাবসতঃ নাছাই লগ পায় কুপাৰক। নাছাই নতুন পৃথিৱীৰ সন্ধানৰ দায়িত্ব অৰ্পন কৰে এই কুপাৰৰ ওপৰত। এই যাত্ৰাত তেওঁক লগ দিব আন তিনিজন বিজ্ঞানী ব্ৰেণ্ড, ডইল, ৰমিলী তথা এটা ৰবট টাৰ্চে। 

সৌৰ জগতত হোৱা এটা ৱৰ্মহলৰ ভিতৰেদি হ’বলগীয়া এই মহাকাশ যাত্ৰাত আছিল নানা ধৰণৰ বিপদ। এই যাত্ৰা বহু পৰিমাণে নিৰ্ভৰ কৰিব ‘থিয়ৰী অৱ ৰিলেটিভিটি’ৰ ওপৰত। এনে বিপদৰ কথা ভাবি কুপাৰৰ পুত্ৰী কণমানি মাৰ্ফী শংকিত হৈছিল আৰু তাই বাপেকক যাবলৈ বাৰে বাৰে মানা কৰিছিল। কিন্তু পৃথিৱীৰ ভৱিষ্যতৰ বাবে এই মহাকাশ যাত্ৰা অতি দৰকাৰী আছিল।

এই যাত্ৰা আৰম্ভ হ’ল, আগবাঢ়ি গ’ল এখন নতুন পৃথিৱীৰ সন্ধানত। গেলেক্সী বিলাকৰ মাজেৰে কৰা এই যাত্ৰাপথত তেওঁলোক সন্মুখীন হ’ল ‘থিয়ৰী অৱ ৰিলেটিভিটি’ৰ নানা চমকৰ, ‘ফাইভ ডাইমেনছন’ৰ যাদু আৰু নানা ধৰণৰ নতুন অভিজ্ঞতাৰ।

কুপাৰৰ চৰিত্ৰত মেথিউ মেককানাহিৰ অভিনয় শলাবলগীয়া। এজন দায়িত্বশীল মহাকাশচাৰীৰ পৰা আৰম্ভ কৰি এজন মৰমীয়াল পিতৃলৈকে সকলোবোৰ তেওঁ ফুটাই তুলিছে কুপাৰৰ মাজেৰে। জীয়েক মাৰ্ফীৰ লগত কুপাৰৰ আবেগ আছিল চিনেমাখনৰ প্ৰাণস্বৰূপ। মাৰ্ফীৰ চৰিত্ৰত জেছিকা চাছটাইনৰ অভিনয় আছিল প্ৰশংসনীয়। বোলছবিখনৰ আন এজোৰ পুত্ৰ-পুত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল এন  হাথৱে আৰু মাইকেল কেইনে।

মন মোহনীয় অতি সুন্দৰ দৃশ্যৰ লগতে আপুনি বোলছবিখনত চিনাকী হ’ব ৰহস্যময়ী মহাকাশ খনক এক নতুন ৰূপত। ২ ঘন্টা ৫০ মিনিট দীঘলীয়া বোলছবিখনত আপুনি গতি কৰিব বাস্তৱ জগত খনৰ পৰা এখন কাল্পনিক জগতলৈ।



ক্ৰিষ্ট’ফাৰ নলানৰ বোলছবি বুলিলেই মনলৈ আহে নিশ্চয় এক নতুন কিবা দেখিবলৈ পাম। আৰু বোলছবি খন চোৱাৰ পাছত ভাৱ হ্য় “এই নলান মানুহ নে অন্য কিবা? কেনেদৰে ভাৱিব পাৰে এনে ধৰণৰ অদ্ভুৎ কথা?” আৰু ‘ইন্টাৰষ্টেলাৰ’ চোৱাৰ পাছত হয়তো বহুত দেৰিলৈ তেনেকৈয়ে ভাবি থাকিব, হয়তো হ’ব পাৰে আপোনাৰ ‘নলান হেংগঅভাৰ’; ঠিক যেনেদৰে মোৰ হৈছিল ‘মেমেন্ট’’, ‘ইনছেপছন’, 'দা প্ৰেষ্টিজ' আদি বোলছবি চাই। 

নলানৰ আগৰ বোলছবি কেইখনৰ দৰেই এইখন অকল চালেই যথেষ্ঠ নহ’ব, অনুভৱো কৰিব লাগিব। আৰু ছবিৰ শেষত নিশ্চয় ক’ব, “You can’t do unless you can imagine it.

✲ দেৱপ্ৰতীম হাজৰিকা
বিহপুৰীয়া

No comments

Powered by Blogger.