কোচ-ৰাজবংশী লোকগীতৰ অবিচ্ছেদ্য অঙ্গ নামাতি গান ※ এক বিশ্লেষণ ✍ কৰবী মহন্ত কলিতা
অসমৰ বৰ্ণিল সংস্কৃতিত প্ৰাচীন কালৰে পৰা বসবাস কৰি অহা অন্যতম ধ্বজাবাহী হ'ল কোঁচ ৰাজবংশী।এসময়ত কমতাৰাজ্য কোচ বংশীয় ৰজাই শাসন কৰিছিল। এই বংশৰ লোকসকল কোঁচ ৰাজবংশী নামে পৰিচিত। বৰ্তমান সমগ্ৰ অসমতে তেওঁলোক সিঁচৰিত হৈ আছে।
পৃথিৱীৰ বিভিন্ন জাতি- উপজাতি লোকসংস্কৃতিৰ সোৱাদত মহীয়ান হোৱাৰ দৰে কোঁচ ৰাজবংশীসকল লোকসংস্কৃতিৰ সম্পদেৰে চহকী। প্ৰাচীন কালৰে পৰা নিৰক্ষৰ মানুহৰ মুখে মুখে লোকসাহিত্য বা মৌখিক সাহিত্যসমূহ প্ৰচলিত হৈ আহিছে। লোকসাহিত্যৰ এটি অঙ্গ হ'ল লোকগীত। লোকসাহিত্যই মানুহ জীৱনৰ হৰ্ষ- বিষাদ, আশা- নিৰাশা, সামাজিক চিত্ৰ, প্ৰকৃতিৰ বিভিন্ন ৰূপৰ সুন্দৰ বৰ্ণনা দাঙি ধৰে।
কোঁচ ৰাজবংশীৰ লোকগীতৰ এক ৰূপ নামাতি গান। আৰ্য্য সংস্কৃতিৰ প্ৰভাৱ নপৰাৰ আগতে এই গীতসমূহ আয়তী গান বা বৈৰাতী গানৰূপে পৰিচিত আছিল। আৰ্য্য সংস্কৃতিৰ প্ৰভাৱত এই গীতসমূহ নামাতি গানৰূপে পৰিচিত হয়। বিয়াৰ মাঙ্গলিক অনুষ্ঠানত নামাতি গান গোৱা হয়। বিয়া এখনৰ বিভিন্ন নীতি- নিয়ম দৰা- কইনাক গা ধুওৱা, তেল চড়োৱা , কইনা উলিয়াই দিয়া, আখৈ চটিওৱা, দৰা-কইনাৰ কড়িখেল আদিৰ লোকাচাৰসমূহ নামাতি গানসমূহৰ মাজেৰে প্ৰাণ পাই উঠে।
নামাতি গানৰ দল বিবাহিতা মহিলাৰ দ্বাৰা গঠন হ'ব লাগে। দলটোৰ মূল গায়িকা গৰাকীক গীদালী বোলে। সহায়িকাজনীক দাইনা পালি আৰু বাকীসকলক পালি বোলে। নামাতি গানবোৰত নাৰীৰ কোমল মনৰ অভিব্যক্তি প্ৰকাশ পোৱাৰ লগতে পিতৃ গৃহ এৰি যাবলৈ ওলোৱা নাৰী হৃদয়ৰ কৰুণ গাথা প্ৰতিফলিত হয়।
জনজাতিসকলৰ অন্যতম বৈশিষ্ট্য মাতৃপূজাৰ নিদৰ্শন নামাতি গীতবোৰৰ মাজেৰে প্ৰতিফলিত হয়। বিবাহ অনুষ্ঠানত স্থান লাভ কৰা মাতৃ পূজাত বৈৰাতীসকলে গায়; বাবুৰ গাৱে লাগে কলৰ পাতত বসিয়া বাবু মাতৃপূজা কৰে।বিয়াত দৰা- কইনা উভয় পক্ষই জোকোৱা, ধেমালি কৰি গোৱা গীতবোৰক খিচতা গান বুলি কোৱা হয়। খিচতা গানবোৰত দৰা - কইনা উভয়কে জোকোৱা, ধেমালি কৰাৰ উপৰিও বামুণ, পুৰোহিত , ঢুলীয়া আদিকো খিচতা মৰা হয়।বুদ্ধিদীপ্ত মনৰ পৰিচায়ক এই গীতবোৰ সুললিত ধ্বনি, ছন্দমিল তথা অন্ত্য অক্ষৰৰ বাবে কাব্যধৰ্মী গুণসম্পন্ন হৈ পৰে।
বাশেৰ তলেৰ বেঙেলেকু
কান্দে কেকু কেকু
বৰ ঘৰেৰ চেংৰী গুণাৰ
তেলকা ভেলকা চকু
নামাতি গান কোচ ৰাজবংশীৰ লোকগানৰ অবিচ্ছেদ্য অঙ্গ
কোঁচ ৰাজবংশী সমাজৰ বিবাহ এখনৰ আচাৰ, নীতি- নিয়ম, আনন্দোলাস, কৰুণ গাথাৰ এক সুন্দৰ চিত্ৰ নামাতি গানসমূহৰ মাজেৰে পৰিস্ফূট হৈ উঠে।
কৰবী মহন্ত কলিতা
দিপলাং, লহকৰপাৰা
মন্তব্য কৰক