সম্পাদকীয়-প্ৰথম বছৰ; দ্বিতীয় সংখ্যা; চেপ্তেম্বৰ, ২০১৮
নমস্কাৰ,
কুঁহিপাঠৰ দ্বিতীয় সংখ্যালৈ আপোনালোকক স্বাগতম | সাহিত্য এটি বিশাল বিষয়বস্তু | কাৰোবাৰ বাবে ই নিজৰ মনৰ ভাব প্ৰকাশ কৰিব পৰা মাধ্যম, আনকাৰোবাৰ বাবে এক সৃষ্টিশীল ৰচনা | মই পঢ়াশালিত পঢ়ি থকা দিনৰ এটি ঘটনা দৃশ্যপট হয় | আমাৰ গাওঁৰ এজন আদহীয়া বয়সৰ লোক | মানসিক ভাৱে ভাঙি পৰা মানুহজনক লৈ কৌতুক হয় প্ৰায়ে | সৰু ল'ৰা-ছোৱালীবোৰে তেখেতক দেখা পালেই জোকাব আৰম্ভ কৰে | খঙতে তেওঁ গালি পাৰে | মানুহজনৰ কথা দেউতাৰ পৰা প্ৰায়ে শুনো | তেখেত হেনু বহু চোকা আছিল ছাত্ৰ জীৱনত | এতিয়া পৰিস্থিতি়য়েই হওক বা আন কিবা কাৰণতেই হওক তেখেতৰ মানসিক অৱস্থাটো বিশেষ ঠিক নহয় | নামঘৰটোৰ কাষতে তেওঁৰ ঘৰ | নামঘৰৰ বাকৰিত ৰ'লে প্ৰায়ে শুনিবলৈ পাওঁ কোনোবাতো জনপ্ৰিয় গানৰ কলি | সেইদিনা ওচৰৰ বাইদেউ এগৰাকীৰ বিয়া আছিল | তেখেতো আহিছিল বিয়ালৈ বুলি | ৰভাতলৰ চুকৰ কোণ এটাত নিজৰ চিন্তাতে মগ্ন হৈ বহি আছিল | কইনা তেওঁৰ ওচৰ পাওঁতে উপহাৰ হিচাপে তেওঁ এখিলা কাগজ উলিয়াই কইনাজনীৰ হাতত দিলে | পিছত জানিবলৈ পালো তেখেতে এটি সুন্দৰ কবিতা কইনাজনীলৈ আগবঢ়াইছিল | বেলেগ উপহাৰৰ বাবে তেখেতৰ হাতত সম্বল নাছিল | গতিকে নিজৰ ৰচিত এটি কবিতা উপহাৰ স্বৰূপে আগবঢ়াইছিল নতুন জীৱনৰ পাতনি মেলিবলৈ আগবঢ়া সেই কইনাজনীলৈ | এইটোৰ মূল্য হাজাৰ টকীয়া উপহাৰ এটাতকৈ বহু বেছি বুলি মই ভাবো |
ঠিক সেইদৰে কাৰোবাৰ বাবে সাহিত্য হব পাৰে এক উপহাৰ, অনুপ্ৰেৰণা | সাহিত্যৰ জৰিয়তে আমি বহু কথাইপ্ৰকাশ কৰো | এজন উপন্যাসিকে এটি নতুন জীৱনৰ সোৱাদ লয়, কবিয়ে কোনো বস্ত বা কোনো লোকৰ গৰিমা বা সৌন্দৰ্য প্ৰকাশ কৰে | এনেদৰে সকলোৱে কিবা নহয় কিবা প্ৰকাৰে ভাষা সাহিত্যৰ জৰিয়তে মনৰ ভাব প্ৰকাশ বাৰুকৈয়ে কৰি আহিছে | আপোনাৰ সাহিত্য কাৰোবাৰ অনুপ্ৰেৰণা হ'ব পাৰে, কাৰোবাক নতুন সৃষ্টিৰ পথ দেখুৱাব পাৰে, আজৰি সময় কটোৱাৰ উপায় হ'ব পাৰে, আপোনাৰ অতীত স্মৃতিৰ প্ৰতিফলন হ'ব পাৰে |
আমিও প্ৰেৰণা পাওঁ যেতিয়া বাটত লগ পায় কোনো লোকে সুধে- "আপোনালোকৰ আলোচনী আছে নেকি?", যেতিয়া সন্ধিয়াৰ আড্ডাৰ সময়ত কোনোবাই সোধে "আমিও লেখা প্ৰকাশ কৰিব পাৰোনে?" , কাৰোবাৰ মুখত আমাৰ আলোচনীৰ কথা শুনো আমাৰো ভাল লাগে, অনুপ্ৰাণিত হওঁ |
যদি আপোনালোকৰো সাহিত্যৰ লগত জড়িত এনে কিবা অভিজ্ঞতা আছে আমাক জনাবচোন | আমিও নতুন কথা জানিবলৈ পাম, অনুপ্ৰেৰণা পাম | আৰু শেষত ভাৰতভূমিয়ে হেৰুৱা সেই মহান ব্যক্তি পুৰুষ তথা ৰাজনীতিবিদ অটল বিহাৰী বাজপেয়ী দেৱলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা এক অশ্ৰু- শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিলো।
"হে মহান নেতা তোমাক সহস্ৰ প্ৰণাম।
তোমাৰ প্ৰতি এই অশ্ৰু- শ্ৰদ্ধাঞ্জলি হৈ ৰওক শীৰ্ষত আৰোহণ।
তোমাৰ কৰ্মৰাজিৰে তুমি চিৰযুগমীয়া
অনাদি অনন্ত তুমি কালযুগমীয়া !
অনাদি অনন্ত তুমি কালযুগমীয়া !
জগত জিনিলা নিস্বাৰ্থ গৰিমাৰে বিশ্ববাসীথে
ভোটাতৰাহৈ জিলিকি থাকিবা নীলসৰগতে।।"
আহিবলগা দিনবোৰ আপোনালোকৰ শুভ হওঁক | আমাক দিয়া মৰম আশীৰ্বাদৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞ | অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া বিদায় মাগিছো | ধন্যবাদ ||
সৰ্বজিৎ শৰ্মা
সুৰজিৎ বৰ্মন
সম্পাদক, কুঁহিপাঠ ই-আলোচনী
ভোটাতৰাহৈ জিলিকি থাকিবা নীলসৰগতে।।"
আহিবলগা দিনবোৰ আপোনালোকৰ শুভ হওঁক | আমাক দিয়া মৰম আশীৰ্বাদৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞ | অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া বিদায় মাগিছো | ধন্যবাদ ||
সৰ্বজিৎ শৰ্মা
সুৰজিৎ বৰ্মন
সম্পাদক, কুঁহিপাঠ ই-আলোচনী
মন্তব্য কৰক