মৃত্যু নে শ্বহীদ ⍰ জাহাংগীৰ আলম
দিনে প্ৰতিদিনে মাতৃভূমিৰ বাবে
অৰ্ধ সামৰিকৰ জোৱানে জীৱনৰ বলিদান দিছে
কত মাতৃয়ে যে সন্তান হেৰাইছে
কত পত্নীয়ে যে স্বামী হেৰাই বিধৱা হৈছে
কত শিশুয়ে যে পিতৃ হেৰাই ইতিম হৈছে
তাৰ কোনো হিচাপ নাই আৰু কোনেও হয়তো নাজানে
কিন্তু যাৰ হেৰুৱাইছে তেওঁহে ভালদৰে জানে
আপোনজন হেৰুৱাৰ কি যে বেদনা ৷
দেশৰ বাবে সেনাৰ জোৱান মৰিলে তেওঁ শহীদ হয়
এয়া আমি সকলোৱে ভালদৰে জানো
কিন্তু কেন্দ্ৰীয় অৰ্ধ সামৰিকৰ জোৱান মৰিলে
দেশৰ বাবে জীৱনহে দিয়ে তেওঁ শহীদ নহয়৷
একেই পোছাক পৰিধান কৰি একে সময়তে
একেই অন্তৰাষ্ট্ৰীয় সীমাত শিৱিৰ পাতি থাকি
একেলগেই দেশৰ বাবে সেৱা কৰে
এজনেই শত্ৰুৰ একে বন্দুকৰ নলীৰ পৰা ওলোৱা
ভিন ভিন গুলীয়ে এটি মুহূৰ্ততেই
এজন সেনাৰ জোৱান আৰু এজন অৰ্ধ সামৰিকৰ জোৱানে
যদি দেশৰ বাবে জীৱনৰ বলিদান দিয়ে
সেনাৰ জোৱানজনে শহীদৰ সন্মান পায়
চৰকাৰী যাৱতীয় সাসুবিধা পায়
কিন্তু অৰ্ধ সামৰিকৰ জোৱানজনে নাপায় কিয় ?
এয়া কেনেধৰণৰ পাৰ্থক্য আৰু ভেদাভেদ
আজি দেশৰ অনৈতিক নীতিয়ে
দেশৰ হাজাৰ হাজাৰ অৰ্ধ সেনাৰ
মনোবল দিনেদিনে হ্ৰাস কৰিছে
মনত যেন আঘাতৰ তিৰ হানিছে ৷
জাহাংগীৰ আলম
খৰিচালা,সৰভোগ,বৰপেটা
৮৬৩৮৬২৫২৪০
মন্তব্য কৰক