Header Ads

ছেকেণ্ডৰ গল্প এটি সৃষ্টি হোৱাৰ আঁৰত : চায়েদা চেমিন ইছলাম




★ মুখাৰ আঁৰৰ মুখ ★ 

বোৱাৰী হৈ ঘৰ সোমায়েই ওলোটাই শাহুৱেকৰ ওপৰত হে ৰাজৰাণী হৈ পৰিল নিকিতা। মৰণ কালত পানী এটুপিও মুখত দিবলৈ নোযোৱা বোৱাৰী গৰাকীক দেখা গল মহা ধুমধামেৰে শ্ৰাদ্ধত উপস্থিত হোৱা অতিথি সকলক আদৰ - আপ‍্যায়ন কৰি আছে ....।

সকলোৱে একমুখে স্বীকাৰ কৰিছে - আঐ দেহি, ইমান সাদৰী বোৱাৰী গৰাকী! আজিৰ যুগতো .... কম ভাগ‍্যৱতী আছিল নে বাৰু শাহুৱেক জনী!



★ বিতৃষ্ণা ★

মানুহ গৰাকীৰ মৃত্যুৰ পাছত মহা ধুমধামেৰে আয়োজন কৰা শ্ৰাদ্ধত উপস্থিত নিমন্ত্ৰিত সমূহ অতিথি বৃন্দৰ সৈতে পুত্ৰ-বোৱাৰীয়েককো বেছ উৎফুল্লিত মনেৰেই আহাৰ গ্ৰহণ কৰা দেখা গল।

ইমান দিনে শাহুৱেকক অনবৰতে চোৱা-চিতা কৰা শ্ৰাদ্ধলৈ অনিমন্ত্ৰিত মানুহ গৰাকীৰহে আজি এটা খুদকনো মুখত দিবলৈ মন নগল - বিশাল আকাশ খনলৈ চাই বিতৃষ্ণাত নিজৰ কোঠাটোৰ এচুকতে পৰি ৰ'ল তাই ....!



★ লালসা ★

মৃত্যুৰ আগতে সৰ্বস্ব মাটি-সম্পত্তি ভগাই দিয়া আঢ‍্যৱন্ত মৃত মহিলা গৰাকীৰ শৱদেহটো ধৰাই ভালদৰে আঁকোৱালি লবলৈ নৌপাওতেই বিবাহিতা জীয়েক দুগৰাকীৰ মাজত মাকৰ আলমীৰাটোত থকা গহনা আৰু কাপোৰক লৈ উখনা-উখনি খন লাগিল। বোৱাৰীয়েকে অৱশ্যে অৱশ‍্যাম্ভী বিপদৰ উমান পাই বেলেগৰ দৃষ্টিত বেয়া বুলি ধৰা নপৰিবলৈ আগতীয়াকৈয়ে অতি মূল‍্যৱান খিনি আঁতৰাই থৈয়ে দিছিল।

এই সকলো বোৰ নীৰৱে নিৰীক্ষণ কৰি নাতিদূৰৈত ৰৈ থাকি পৰিচৰ্যা কৰা মানুহ গৰাকীয়ে ভাবিলে -

"সময়ৰ অভাৱত মাকৰ খবৰ এটাও লবলৈ সক্ষম নোহোৱা সন্তান হালে মাকৰ মৃত্যুৰ আগতে সম্পত্তি খিনি হৰপ কৰিও ক্ষান্ত নাথাকিল, মৃত্যুৰ পিছত কাপোৰ-গহনাৰ লালসাতেহে ......!! পিতৃ মাতৃ হিচাপে ইমান খিনি কৰি দিয়াৰ পিছতো লৰা ছোৱালীৰ যদি হিয়া শাঁতেই নহয়, তেন্তে আমাৰ নিচিনা পেটে-ভাতে খাই চলি থকা দুখীয়া বোৰৰে হাজাৰ গুণে ভাল .....!!


★★★সমাপ্ত ★★★

No comments

Powered by Blogger.