নাৰী - পল্লৱ চৌধুৰী
নাৰী
তুমি হোৱা ধৰিত্ৰী
ধাত্ৰী ---
হোৱা তুমি স্নেহৰ দুহিতা,
এক বিৰঙ্গনা
লজ্জাশীলা বিমোহিনী ।
হোৱা তুমি সাবিত্ৰী পাৰ্বতী,
গঙ্গা তৰংগিনী,
সুভদ্ৰা ।
তুমি হোৱা মহামায়া
মহা পৰাক্ৰমী,
দুৰ্গা অসুৰ নাশিনী
ভয়হাৰিনী,
অতিথি পৰায়না
উদাৰ ।
বিশ্ব তাৰিণী তুমি বীৰ প্ৰসাৱিনী
ধৈৰ্য্যশীলা,
বুদ্ধিমতী,
মাতৃ লক্ষী সৰস্বতী,
চিৰপূজ্য চিৰনমস্যা
শান্তিকামী
জগত জননী ।
পল্লৱ চৌধুৰী
হাজো
মন্তব্য কৰক